October 1, 2025 9:24 PM

views 56

ভাৰতীয় ৰিজাৰ্ভ বেংকে ৰেপ ৰেট ৫.৫ শতাংশত অপৰিৱৰ্তিত ৰাখিছে বুলি গভর্নৰ সঞ্জয় মালহোত্রাৰ ঘোষণা

ভাৰতীয় ৰিজাৰ্ভ বেংকে ৰেপ ৰেট ৫.৫ শতাংশত অপৰিৱৰ্তিত ৰাখিছে বুলি বেংকটোৰ গভর্নৰ সঞ্জয় মালহোত্রাই ঘোষণা কৰিছে। আনহাতে ২০২৫-২৬ বিত্তীয় বৰ্ষৰ মূল ঘৰুৱা উৎপাদন, জি ডি পিৰ হাৰ ৬.৮ শতাংশলৈ বৃদ্ধি পাইছে বুলি আৰ বি আইৰ তৰফৰ পৰা জানিবলৈ দিয়া হৈছে।

June 13, 2025 12:17 PM

views 51

বেংকত বন্ধ হৈ থকা একাউণ্ট-গৰাকীবিহীন জমা ধনৰ একাউণ্ট সক্রিয়ৰ বাবে কে ৱাই চি আপডেটৰ সুবিধা উপলব্ধ কৰিবলৈ আৰ বি আইৰ নির্দেশ

ভাৰতীয় ৰিজাৰ্ভ বেংকে (আৰ বি আই) বন্ধ হৈ থকা একাউণ্ট আৰু গৰাকীবিহীন জমা ধনৰ একাউণ্ট সক্রিয় কৰাৰ বাবে সকলো শাখাতে কে ৱাই চি আপডেটৰ সুবিধা উপলব্ধ কৰিবলৈ সকলো বেংকক নির্দেশ দিছে। আৰ বি আয়ে কালি এখন প্ৰেছ বিজ্ঞপ্তিযোগে কয়, যে বেংক সমূহে ভিডিঅ' গ্রাহক চিনাক্তকৰণ প্ৰক্ৰিয়াৰ মাজৰেও এনে একাউণ্টৰ ধনৰাশিৰ বাবে কে ৱাই চি আপডেটৰ সুবিধা প্ৰদান কৰিবলৈ চেষ্টা চলোৱা উচিত। ইয়াৰ উপৰি বেংকসমূহক বন্ধ হৈ থকা একাউণ্টসমূহ সক্ৰিয় কৰাৰ বাবে প্ৰাধিকৃত বেংকিং সেৱা প্ৰতিনিধিৰ সহায় ল'বলৈ কোৱা হৈছে।

June 6, 2025 8:21 PM

views 68

ভাৰতীয় ৰিজাৰ্ভ বেংকৰ মৌদ্রিক নীতি সমিতিয়ে ৰেপ’ৰেট ৫০ পইণ্ট হ্ৰাস কৰাৰ সিদ্ধান্ত গ্ৰহণ কৰি ৫.৫ শতাংশ কৰিছে

ভাৰতীয় ৰিজাৰ্ভ বেংকৰ মৌদ্রিক নীতি সমিতিয়ে আজি ৰেপ'ৰেট ৫০ পইণ্ট হ্ৰাস কৰাৰ সিদ্ধান্ত গ্ৰহণ কৰি ৫.৫ শতাংশ কৰে। ইয়াৰ পূৰ্বে ৰিজাৰ্ভ বেংকে ফেব্ৰুৱাৰী আৰু এপ্ৰিলতো ২৫ পইণ্ট হ্ৰাস কৰিছিল। ২০২৫ বৰ্ষত এতিয়ালৈকে ৰেপ’ ৰেটৰ ক্ষেত্ৰত সৰ্বমুঠ ১ শতাংশ হ্ৰাস কৰা হৈছে। ৰিজাৰ্ভ বেংকৰ গৱৰ্ণৰ সঞ্জয় মলহোত্ৰাই প্ৰকাশ কৰা অনুসৰি, ৰেপ’ ৰেট হ্রাসে বিশ্বজনীন অনিশ্চয়তাৰ পৰিস্থিতিত দেশৰ অর্থনৈতিক বৃদ্ধিত সহায় কৰিব।

April 9, 2025 2:59 PM

views 39

RBI ৰেপ’ হাৰ অৰ্থাৎ বাণিজ্যিক বেংকসমূহক প্ৰদান কৰা ঋণৰ সুদৰ হাৰ ২৫ আধাৰ পইণ্ট হ্ৰাস কৰিছে

■ ভাৰতীয় ৰিজাৰ্ভ বেংক RBI-এ ৰেপ' হাৰ অৰ্থাৎ কেন্দ্ৰীয় বেংকটোৱে বাণিজ্যিক বেংকসমূহক প্ৰদান কৰা ঋণৰ সুদৰ হাৰ ২৫ আধাৰ পইণ্ট হ্ৰাস কৰিছে। RBI-এ বিগত ৫ বছৰত এইবাৰ একেৰাহে দ্বিতীয় বাৰৰ বাবে ৰেপ' হাৰ হ্ৰাস কৰিছে। আজি মুম্বাইত ৰিজাৰ্ভ বেংকৰ গৱৰ্ণৰ সঞ্জয় মলহোট্টাই কয়, যে ৬ জনীয়া মুদ্রা নীতি কমিটীয়ে চলিত বিত্তীয় বৰ্ষৰ প্ৰথমখন বৈঠকত সর্ব সন্মতিক্রমে ৰেপ' হাৰ কম কৰাৰ সিদ্ধান্ত গ্ৰহণ কৰে। কমিটীয়ে লগতে মুদ্রা নীতি সম্পৰ্কীয় দৃষ্টিভংগী নিৰপেক্ষৰ পৰা উদাৰলৈ সলনি কৰিছে। নতুন মুদ্রা নীতি অনুযায়ী Standi...

March 13, 2025 3:17 PM

views 35

আৰ বি আয়ে একাউণ্ট সংগ্ৰাহক ব্যৱস্থা তদাৰক কৰাৰ উদ্দেশ্যে স্ব-নিয়ামক সংস্থাৰ বাবে আবেদন বিচাৰিছে

ভাৰতীয় ৰিজাৰ্ভ বেংক -আৰ বি আয়ে একাউণ্ট সংগ্ৰাহক ব্যৱস্থা তদাৰক কৰাৰ উদ্দেশ্যে স্ব-নিয়ামক সংস্থাৰ বাবে আবেদন বিচাৰিছে। আৰ বি আয়ে জাৰি কৰা পৰিপত্ৰ অনুসৰি ইচ্ছুক আবেদনকাৰীয়ে প্ৰৱাহ প'ৰ্টেলৰ মাধ্যমেৰে ১৫ জুনলৈকে আবেদন পত্র দাখিল কৰিব পাৰিব। আবেদন নিৰ্দিষ্ট আৰ্হিৰ হ'ব লাগিব বুলি আৰ বি আয়ে স্পষ্ট কৰি দিছে। নিৰ্দিষ্ট সময়সীমাৰ ভিতৰত লাভ কৰা আবেদনসমূহ চালি-জাৰি চাই এনে সংস্থাৰ স্বীকৃতি সন্দৰ্ভত সিদ্ধান্ত গ্ৰহণ কৰা হ'ব। এই ক্ষেত্ৰত ভাৰতীয় ৰিজাৰ্ভ বেংকৰ সিদ্ধান্তক চূড়ান্ত সিদ্ধান্ত বুলি বিবেচনা কৰ...

May 30, 2024 8:08 PM

views 43

চলিত বিত্তীয় বৰ্ষত দেশৰ অর্থনীতি ৭ শতাংশ হাৰত বৃদ্ধি পাব বুলি ভাৰতীয় ৰিজার্ভ বেংকৰ প্ৰকাশ

ভাৰতীয় ৰিজার্ভ বেংকে চলিত বিত্তীয় বৰ্ষত দেশৰ অর্থনীতি ৭ শতাংশ হাৰত বৃদ্ধি পাব বুলি অনুমান কৰিছে। ২০২৩-২৪ বিত্তীয় বর্ষত অবিৰত প্ৰত্যাহ্বানৰ মাজতো অর্থনীতিয়ে প্রদর্শন কৰা স্থিতিস্থাপকতালৈ লক্ষ্য ৰাখি এই অনুমান কৰা হৈছে। ৰিজার্ভ বেংকে আজি প্রকাশ কৰা প্ৰতিবেদনত যোৱা বছৰৰ এপ্ৰিলৰ পৰা চলিত বছৰৰ মাৰ্চ পর্যন্ত কেন্দ্রীয় বেংকৰ কাৰ্যকলাপ অন্তর্ভুক্ত কৰা হৈছে। এই অনুসৰি চলিত বিত্তীয় বর্ষত মুঠ ঘৰুৱা উৎপাদন বৃদ্ধিৰ হাৰ প্রায় ৭ শতাংশ হ'বগৈ। প্রতিবেদনত লগতে যোৱা বছৰৰ ৩১ মাৰ্চলৈ ভাৰতীয় অর্থনীতিৰ দ্রুত বৃদ্ধিৰ ফ...