January 25, 2025 8:04 PM

views 12

অসম আৰক্ষীৰ উপ-মহাপৰিদৰ্শক ইন্দ্ৰাণী বৰুৱালৈ ৰাষ্ট্ৰপতিৰ বিশিষ্ট সেৱা পদক

গণৰাজ্য দিৱসৰ এদিন পূৰ্বে দেশৰ বহুকেইগৰাকী আৰক্ষী বিষয়া তথা জোৱানলৈ ৰাষ্ট্ৰপতিৰ বিশিষ্ট সেৱা আৰু উৎকৃষ্ট সেৱা পদক আগবঢ়োৱা হৈছে। কেইবাখনো ৰাজ্যৰ কেইবাগৰাকী আৰক্ষী বিষয়াৰ লগতে উল্লেখনীয় সেৱা আগবঢ়োৱাৰ বাবে অসম আৰক্ষীৰ উপ-মহাপৰিদৰ্শক ইন্দ্ৰাণী বৰুৱালৈ ৰাষ্ট্ৰপতিৰ বিশিষ্ট সেৱা পদক আগবঢ়োৱা হৈছে। অসম আৰক্ষীৰ আন ১৬ গৰাকী বিষয়ালৈ উৎকৃষ্ট সেৱা পদক আগবঢ়োৱা হৈছে। এইসকল বিষয়া জোৱানৰ মাজত আছে- আৰক্ষী মহাপৰিদৰ্শক ৰফিউল আলম লস্কৰ, প্লেটুন কমাণ্ডাৰ প্ৰশান্ত হাতীবৰুৱা, উপ আৰক্ষী অধীক্ষক উপেন কলিতা, উপ-পৰ...