May 27, 2024 6:16 PM May 27, 2024 6:16 PM
10
ৰেমল নামৰ ঘূৰ্ণী বতাহৰ প্ৰভাৱত কলকাতাত ১৫ চেণ্টিমিটাৰ পৰ্যন্ত বৰষুণ
ৰেমল নামৰ ঘূৰ্ণী বতাহৰ প্ৰভাৱত কলকাতাত ১৫ চেণ্টিমিটাৰ পৰ্যন্ত বৰষুণ হৈছে। মহানগৰখনত এতিয়াও বৰষুণ দি আছে। কিছুমান অঞ্চলত গছ-গছনি উভালি পৰাৰ লগতে বাৰানগৰত এটা কাৰখানাৰ চিমনী ৰাস্তাৰ ওপৰত পৰি যোৱাৰ ফলত ভালেমান যান-বাহনৰ ক্ষতিসাধন হয়। এছপ্লান্ড আৰু পাৰ্ক ষ্ট্রীট মেট্রো ষ্টেচনৰ মাজত পানী জমা হোৱাৰ ফলত মেট্রো ৰেল সেৱা ব্যাহত হৈছে। উত্তৰ চৌবিছ পৰগনা জিলাৰ পথত ভালেমান গছ-গছনি উভালি পৰাৰ ফলত পথ যোগাযোগ ব্যাহত হৈছে। দক্ষিণ আৰু উত্তৰ চৌবিছ পৰগনা জিলাৰ উপকূল অঞ্চলসমূহত ৰেমলৰ প্ৰভাৱ হ্ৰাস পাইছে যদিও বৰ্তমা...