February 18, 2025 8:14 PM

views 11

পাঞ্জাৱ, উত্তৰাখণ্ড আৰু ছত্তীশগড়ৰ স্থানীয় নিকায়ৰ বাবে ৫৬২ কোটি টকাৰো অধিক অনুদান

কেন্দ্ৰীয় চৰকাৰে পঞ্চদশ বিত্ত আয়োগৰ অধীনত পাঞ্জাৱ, উত্তৰাখণ্ড আৰু ছত্তীশগড়ৰ স্থানীয় নিকায়সমূহৰ বাবে ৫৬২ কোটি টকাৰো অধিক অনুদান মোকলাই দিছে। কেন্দ্ৰীয় পঞ্চায়তীৰাজ মন্ত্ৰালয়ে প্ৰকাশ কৰা অনুসৰি পঞ্চায়তীৰাজ প্ৰতিষ্ঠান আৰু গ্ৰাম্য স্থানীয় নিকায়সমূহলৈ প্ৰদান কৰা এই অনুদানে তৃণমূল পৰ্যায়ত গণতন্ত্ৰ সফল কৰি তোলাত গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰে। গ্ৰামাঞ্চলত শাসন ব্যৱস্থা সবল কৰি তোলাৰ উদ্দেশ্যে ২০২৪-২৫ বিত্তীয় বৰ্ষত পাঞ্জাৱে ২২৫ কোটিৰো অধিক, ছত্তীশগড়ে ২৪৪ কোটিৰো অধিক আৰু উত্তৰাখণ্ডলৈ ৯৩ কোটিৰো অধিক অনুদান...