May 6, 2024 1:16 PM

views 17

তৃতীয় পৰ্যায়ৰ ভোটগ্ৰহণৰ দিনটোত নামনি অসমত সাময়িকভাৱে ৰে’ল চলাচল বন্ধ কৰাৰ সিদ্ধান্ত প্ৰত্যাহাৰ

♦ অসম ৰে’ল যাত্ৰী সংস্থাৰ আপত্তি মৰ্মে কাইলৈ ৰাজ্যত লোকসভা নিৰ্বাচনৰ তৃতীয় পৰ্যায়ৰ ভোটগ্ৰহণৰ দিনটোত উত্তৰ-পূব সীমান্ত ৰে'লৱেই নামনি অসমত সাময়িকভাৱে ৰে'ল চলাচল বন্ধ কৰাৰ সিদ্ধান্ত প্ৰত্যাহাৰ কৰিছে। উত্তৰ-পূব সীমান্ত ৰে'লৱেই ঘগ্ৰাপাৰ ষ্টেচনত ফুট অভাৰব্ৰীজ নিৰ্মাণ আৰু দ্বৈত ৰে'লপথ নিৰ্মাণ সংক্ৰান্তীয় কামৰ বাবে কাইলৈ কেইঘণ্টামানৰ বাবে এই ৰে'ল পথছোৱাৰে ৰে'লৰ চলাচল বন্ধ কৰিছিল।

April 7, 2024 11:53 AM

views 26

বংগোপসাগৰৰ অন্ধ্ৰপ্ৰদেশ উপকূলৰ পৰা ৯ গৰাকী মাছমৰীয়াক ভাৰতীয় উপকূল ৰক্ষী বাহিনীৰ উদ্ধাৰ

ভাৰতীয় উপকূল ৰক্ষী বাহিনীৰ আই জি চি এছ ৱীৰা নামৰ জাহাজখনে কালি বংগোপসাগৰৰ অন্ধ্ৰপ্ৰদেশ উপকূলৰ পৰা ৯ গৰাকী মাছমৰীয়াক উদ্ধাৰ কৰে। নাৱত জুই লাগি ডুব যোৱাৰ ফলত এই মাছমৰীয়াকেইজন বেয়াকৈ আহত হৈছিল। প্ৰতিৰক্ষা মন্ত্ৰালয়ে এটা বিবৃতিযোগে কৈছে পৰিস্থিতিৰ গুৰুত্ব অনুধাৱন কৰি আই জি চি এছ ৱীৰা নামৰ জাহাজখনে কেইঘণ্টামানৰ ভিতৰতে দুৰ্ঘটনাস্থানত উপস্থিত হয় আৰু মাছমৰীয়াকেইজনক জাহাজখনলৈ লৈ আনে। মাছমৰীয়াকেইজনক জাহাজখনতে চিকিৎসকৰ দলে প্রাথমিক চিকিৎসা প্ৰদান কৰে। পাছত আহত মাছমৰীয়াকেইজনক উন্নত চিকিৎসাৰ বাবে বি...