August 21, 2024 9:00 PM

views 18

দেশত ২০২৪-২৫ বৰ্ষত ব্যক্তিগত কৰ্প’ৰেট বিনিয়োগ ৫৪ শতাংশ বৃদ্ধি পাই ২,৪৫,২১২ কোটি হোৱাৰ সম্ভাৱনা

ভাৰতীয় ৰিজাৰ্ভ বেংকৰ এটা অধ্যয়নত ২০২৪-২৫ বৰ্ষত দেশত ব্যক্তিগত কৰ্প’ৰেট বিনিয়োগ ৫৪ শতাংশ বৃদ্ধি পাই ২ লাখ ৪৫ হাজাৰ ২১২ কোটি হোৱাৰ সম্ভাৱনা আছে বুলি প্ৰকাশ কৰা হৈছে। যোৱা বছৰ এনে বিনিয়োগৰ পৰিমাণ ১ লাখ ৫৯ হাজাৰ ১২২ কোটি টকা আছিল। অধ্যয়নটোত লগতে ২০২৩-২৪ বৰ্ষত ব্যক্তিগত কৰ্প’ৰেট খণ্ডৰ দ্বাৰা মূলধনী বিনিয়োগ যোৱা বছৰৰ তুলনাত প্ৰায় ৫৭ শতাংশ বৃদ্ধি পোৱা বুলি কোৱা হৈছে। আৰ বি আইয়ে লগতে বর্ধিত আয়ৰ বাবে গ্ৰামাঞ্চলত ব্যৱহাৰ বৃদ্ধি পাইছে আৰু ইয়াৰ বাবে চাহিদাও বাঢ়িছে বুলি প্ৰকাশ কৰিছে।