October 11, 2024 7:54 PM

views 23

অনা-বেংকিং প্রতিষ্ঠানসহ সকলো ধনাদায় সেৱা প্ৰদানকাৰীক ডিজিটেল ধনাদায় সেৱা দিব্যাংগসকলৰ বাবে সুগম কৰিলৈ আৰবিআইৰ নিৰ্দেশ

ভাৰতীয় ৰিজাৰ্ভ বেংকে (আৰ বি আই) অনা-বেংকিং প্রতিষ্ঠানসহ সকলো ধনাদায় সেৱা প্ৰদানকাৰীক ডিজিটেল ধনাদায় সেৱা দিব্যাংগসকলৰ বাবে সুগম কৰি তুলিবলৈ নিৰ্দেশ দিছে। আৰ বি আয়ে জাৰি কৰা এটা বিবৃতিত পইণ্ট অৱ ছেল মেচিনৰ দৰে ধনাদায় সেৱা প্ৰদানকাৰী সকলো ডিজিটেল ধনাদায় গোটক দিব্যাংগসকলৰ বাবে অনুকূল কৰি তোলাৰ বাবে প্ৰয়োজনীয় সাল-সলনি কৰিবলৈ কৈছে। ৰিজাৰ্ভ বেংকে লগতে যোৱা ফেব্ৰুৱাৰীত জাৰি কৰা সুগম্যতা মান আৰু নীতি-নির্দেশনা পালন কৰিবলৈ সকলো ধনাদায় কোম্পানীক নির্দেশ দিছে।