June 14, 2025 8:37 PM
11
বিশ্বৰ সন্মুখত সন্ত্ৰাসবাদৰ ভাবুকি সন্দৰ্ভত দেশৰ স্থিতি দাঙি ধৰাত সৰ্বদলীয় প্রতিনিধি দল সফল হৈছে – ৰবি শংকৰ প্ৰসাদ
বিজেপিৰ জ্যেষ্ঠ নেতা ৰবি শংকৰ প্ৰসাদে অপাৰেচন সিন্দূৰৰ পাছত গঠন কৰা সৰ্বদলীয় প্রতিনিধি দলে সন্ত্ৰাসবাদ সন্দৰ্ভত ভাৰতৰ উদ্বেগৰ বিষয়ে বিশ্ববাসীক অৱগত কৰাত সফল হৈছে বুলি মন্তব্য কৰিছে। পাটনাত সংবাদ মাধ্যমৰ আগত মন্তৱ্য কৰি শ্ৰী প্ৰসাদে কয় যে ১৪০ কোটি ভাৰতীয়ৰ স্বাৰ্থতে প্রধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে এই প্রচেষ্টাত সকলো ৰাজনৈতিক দলৰ সাংসদসকলক জড়িত কৰাৰ সিদ্ধান্ত লৈছিল। শ্রী প্রসাদে কয় যে সর্বদলীয় প্রতিনিধি দলৰ এই কূটনৈতিক প্ৰসাৰৰ পদক্ষেপৰ জৰিয়তে ভাৰতে সন্ত্ৰাসবাদৰ বিৰুদ্ধে নিজৰ স্থিতি আৰু সন্ত্...