December 15, 2024 6:52 PM

views 21

ৰাজ্যৰ দৰিদ্ৰ জনসাধাৰণৰ বাবে গ্ৰহণ কৰা চৰকাৰৰ অৰুণোদয় আঁচনিৰ পৰিৱৰ্তন হ’ব বুলি মুখ্যমন্ত্রী হিমন্ত বিশ্ব শৰ্মাৰ মন্তব্য

ৰাজ্যৰ দৰিদ্ৰ জনসাধাৰণৰ বাবে গ্ৰহণ কৰা চৰকাৰৰ অৰুণোদয় আঁচনিৰ  পৰিৱৰ্তন হ'ব। সৰুসজাই ষ্টেডিয়ামত আজি অনুষ্ঠিত নতুন ৰেচন কাৰ্ড বিতৰণৰ প্ৰথম পৰ্যায়ৰ কাৰ্যসূচীৰ উদ্বোধন কৰি মুখ্যমন্ত্রী হিমন্ত বিশ্ব শৰ্মাই এই কথা প্ৰকাশ কৰে। তেওঁ কয়, যে পূৰ্বে অৰুণোদয় আঁচনিৰ সুবিধা লাভৰ বাবে ৰেচন কাৰ্ডৰ প্ৰয়োজন হোৱা নাছিল। কিন্তু এতিয়াৰে পৰা আঁচনিখনৰ সুবিধা লাভৰ বাবে ৰেচন কাৰ্ডৰ প্রয়োজন হ'ব। মুখ্যমন্ত্ৰীগৰাকীয়ে কয়, যে অসম মন্ত্ৰী সভাৰ সিদ্ধান্ত অনুসৰি এই নতুন ৰেচন কাৰ্ড বিতৰণৰ আনুষ্ঠানিক কাৰ্যসূচীৰ প্ৰথম পৰ...

December 15, 2024 12:31 PM

views 18

নতুন বিধানসভা সমষ্টি ভিত্তিত আনুষ্ঠানিকভাৱে নতুন ৰেচন কাৰ্ড বিতৰণৰ প্ৰথম পৰ্যায়ৰ কাৰ্যসূচীত মুখ্যমন্ত্রী ড০ হিমন্ত বিশ্ব শৰ্মাৰ অংশগ্ৰহণ

ৰাজ্য চৰকাৰৰ খাদ্য, ৰাজহুৱা বিতৰণ আৰু গ্ৰাহক পৰিক্ৰমা বিভাগৰ অধীনত আজি নতুন বিধানসভা সমষ্টি ভিত্তিত আনুষ্ঠানিকভাৱে নতুন ৰেচন কাৰ্ড বিতৰণৰ প্ৰথম পৰ্যায়ৰ কাৰ্যসূচীৰ আয়োজন কৰা হৈছে। মুখ্যমন্ত্রী ড০ হিমন্ত বিশ্ব শৰ্মাই কামৰূপ মহানগৰৰ জালুকবাৰী, গুৱাহাটী মধ্য বিধানসভা সমষ্টিৰ বাবে সৰুসজাই ষ্টেডিয়ামত আয়োজিত অনুষ্ঠানত মুখ্য অতিথি হিচাপে অংশ লয়। নতুন ৰেচন কাৰ্ড বিতৰণৰ প্ৰথম পৰ্যায়ত কামৰূপ মহানগৰৰ লগতে বজালী, বিশ্বনাথ, চৰাইদেউ, ডিব্ৰুগড়, গোলাঘাট, হাইলাকান্দি, হোজাই, যোৰহাট, লখিমপুৰ, মাজুলী, নলবাৰী,...