September 9, 2024 11:38 AM September 9, 2024 11:38 AM
5
দেশত সপ্তম ৰাষ্ট্ৰীয় পোষণ মাহৰ অংশ হিচাপে বৰ্তমানলৈকে ১.৭৯ কোটি কাৰ্যসূচী ৰূপায়ণ
চলিত সপ্তম ৰাষ্ট্ৰীয় পোষণ মাহৰ অংশ হিচাপে দেশত বৰ্তমানলৈকে প্ৰায় ১ কোটি ৭৯ লাখ কাৰ্যসূচী ৰূপায়ণ কৰা হৈছে। মহিলা আৰু শিশু বিকাশ মন্ত্ৰ্যালয়ে এটা বিবৃতিত প্ৰকাশ কৰা অনুসৰি এই কাৰ্যসূচীৰ অধীনত ২০ লাখৰো অধিক পৰিপূৰক আহাৰ সম্পৰ্কীয় কাৰ্যসূচী ৰূপায়ণৰ তথ্য লাভ কৰা হৈছে। মন্ত্র্যালয়ে লগতে প্রকাশ কৰিছে যে, দেশৰ বিভিন্ন ৰাজ্যৰ ৭৫৬ খন জিলাত সক্রিয়ভাৱে সজাগতামূলক অভিযান চলোৱাৰ লগতে জনসাধাৰণক পৰিপুষ্টি সন্দৰ্ভত অৱগত কৰোৱা হৈছে। উল্লেখযোগ্য যে, যোৱা ১ ছেপ্তেম্বৰত আৰম্ভ হোৱা এই পোষণ মাহৰ ৩০ ছেপ্তেম্বৰত...