July 27, 2024 12:19 PM July 27, 2024 12:19 PM

views 6

ৰাষ্ট্ৰপতি আৰু প্রাক্তন ৰাষ্ট্ৰপতিসকলৰ নিৰ্বাচিত উপহাৰ নিলামৰ বাবে ‘ই-উপহাৰ’ পৰ্টেল মুকলি

ৰাষ্ট্ৰপতি ভৱনে ই-উপহাৰ নামৰ অনলাইন পৰ্টেলৰ জৰিয়তে বিভিন্ন অনুষ্ঠানত ৰাষ্ট্ৰপতি আৰু প্রাক্তন ৰাষ্ট্ৰপতিসকলে লাভ কৰা নিৰ্বাচিত উপহাৰসমূহ নিলাম কৰিব। ৰাষ্ট্ৰপতি হিচাপে দুবছৰ সম্পূৰ্ণ হোৱাৰ লগে লগে দ্রৌপদী মুৰ্মুৱে এই পৰ্টেল মুকলি কৰে । প্ৰথম পৰ্যায়ত প্রায় ২৫০ টা সুন্দৰ উপহাৰ নিলাম কৰা হ'ব। অহা মাহৰ ৫ তাৰিখৰ পৰা ২৬ তাৰিখলৈ নিলাম প্রক্রিয়া মুকলি থাকিব। নিলামৰ সময়সীমা শেষ হোৱাৰ পিছত সামগ্ৰীসমূহ অর্পণ কৰা হ'ব। ইচ্ছুক ব্যক্তিয়ে upahaar.rashtrapatibhavan.gov.in পৰ্টেলত সবিশেষ তথ্য লাভ কৰিব পাৰিব৷ ...