March 4, 2025 10:24 AM

views 28

ৰাষ্ট্ৰপতি ভৱনৰ প্ৰসিদ্ধ অমৃত উদ্যানত ‘অসমৰ চাহ’ৰ বিপনী স্থাপনৰ বাবে প্ৰাঞ্জন কুমাৰ ৰয়ক আমন্ত্রণ

● ৰাষ্ট্ৰপতি ভৱনৰ প্ৰসিদ্ধ অমৃত উদ্যানত ‘অসমৰ চাহ’ৰ এখন বিপনী স্থাপনৰ বাবে ৰাষ্ট্ৰপতিৰ সচিবালয়ে সৰভোগৰ বাসিন্দা প্ৰাঞ্জন কুমাৰ ৰয়ক আমন্ত্রণ জনাইছে। সমগ্র দেশকে ‘অসমৰ চাহ’ৰ প্ৰকৃত সোৱাদ দিয়াৰ উদ্দেশ্যেৰে যুৱ উদ্যমী প্ৰাঞ্জন কুমাৰ ৰয়ে ‘ৰিভাৰ বেঁকী টি কোম্পানী'ৰ জৰিয়তে প্ৰচেষ্টা চলাই আহিছে। অভিযন্তা ৰয়ে কৰ্প'ৰেট জগতৰ চাকৰি ত্যাগ কৰি অসমৰ চাহৰ সোৱাদ দেশবাসীক দিয়াৰ উদ্দেশ্যেৰে বিভিন্ন অনুষ্ঠান, সমাৰোহ, সমাবেশ আদিৰ জৰিয়তে প্ৰচেষ্টা চলাই আহিছে। শ্ৰী ৰয়ে সদ্যসমাপ্ত মহাকুম্ভ মেলাৰ কলাগ্রামতো কেন...

August 2, 2024 8:09 PM

views 26

ৰাষ্ট্ৰপতি ভৱনত ৰাজ্যপালসকলৰ দুদিনীয়া সন্মিলন মুকলি ৰাষ্ট্ৰপতি মুৰ্মুৰ

ৰাষ্ট্ৰপতি শ্ৰীমতী দ্রৌপদী মুৰ্মুৱে আজি নতুন দিল্লীৰ ৰাষ্ট্ৰপতি ভৱনত ৰাজ্যপালসকলৰ দুদিনীয়া সন্মিলন মুকলি কৰে। এই সন্মিলনত কেন্দ্ৰীয় আৰু ৰাজ্য চৰকাৰৰ মাজৰ সম্পৰ্কৰ্ক ৰূপ দিয়াত গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰা বিভিন্ন বিষয় আৰু জনসাধাৰণৰ বাবে কল্যাণমূলক আঁচনিৰ প্ৰসাৰ সম্পৰ্কে আলোচনা কৰা হ'ব। সন্মিলন উদ্বোধন কৰি ৰাষ্ট্ৰপতি শ্ৰীমতী মুৰ্মুৱে কয় যে সন্মিলনৰ কাৰ্যসূচীত ৰাষ্ট্ৰীয় লক্ষ্য পূৰণৰ দিশৰ পৰা গুৰুত্বপূৰ্ণ বুলি বিবেচিত বিভিন্ন বিষয় অন্তৰ্ভুক্ত কৰা হৈছে। তেওঁ কয় যে এই সন্মিলনৰ আলোচনাই সকলো অংশ...

June 8, 2024 9:14 PM

views 25

ৰাষ্ট্ৰপতি ভৱনত নতুন চৰকাৰৰ শপতগ্রহণ অনুষ্ঠানৰ বাবে দিল্লীত কঠোৰ সুৰক্ষা ব্যৱস্থা গ্ৰহণ

একেৰাহে তৃতীয়বাৰৰ বাবে প্ৰধানমন্ত্ৰী হিচাপে কাৰ্যভাৰ গ্ৰহণ কৰিবলগীয়া নৰেন্দ্ৰ মোদীৰ শপতগ্রহণ অনুষ্ঠানৰ পৰিপ্ৰেক্ষিতত দিল্লী আৰক্ষীয়ে কঠোৰ সুৰক্ষা ব্যৱস্থা গ্ৰহণ কৰিছে। শপতগ্রহণ অনুষ্ঠানৰ সময়ছোৱাত দিল্লীত পেৰাগ্লাইডাৰ, পেৰাম’ট’ৰ্ছ, হেংগ্লাইডাৰছ, মানৱৰহিত আকাশী যান আৰু উষ্ম বায়ু বেলুনসহ উপ-পৰম্পৰাগত আকাশী যানৰ উৰণৰ ক্ষেত্ৰত নিষেধাজ্ঞা আৰোপ কৰা হৈছে। এই নিষেধাজ্ঞা পৰৱৰ্তী দুদিনলৈ প্ৰযোজ্য থাকিব।

June 8, 2024 1:22 PM

views 15

দেওবাৰে ৰাষ্ট্ৰপতি ভৱনত তৃতীয়বাৰৰ বাবে প্রধানমন্ত্ৰী মোদীৰ শপতগ্ৰহণ

প্রধানমন্ত্ৰী পদৰ বাবে মনোনীত নৰেন্দ্ৰ মোদীয়ে কালি ৰাষ্ট্ৰপতি শ্ৰীমতী দ্রৌপদী মুৰ্মুক সাক্ষাৎ কৰে আৰু চৰকাৰ গঠনৰ বাবে দাবী উত্থাপন কৰে। ৰাষ্ট্ৰপতি শ্ৰীমতী মুৰ্মুৱে কাইলৈ সন্ধিয়া ৭.১৫ মিনিটত ৰাষ্ট্ৰপতি ভৱনত আয়োজিত এটা অনুষ্ঠানত নৰেন্দ্ৰ মোদী আৰু তেওঁৰ মন্ত্ৰীসভাৰ সদস্যসকলক শপত বাক্য পাঠ কৰাব। ইয়াৰ পূৰ্বে বিজেপিৰ ৰাষ্ট্ৰীয় সভাপতি জে পি নাড্ডাৰ নেতৃত্বত এন ডি এ-ৰ এটা প্ৰতিনিধি দলেও ৰাষ্ট্ৰপতিক সাক্ষাৎ কৰে আৰু নৰেন্দ্ৰ মোদীক বিজেপি সংসদীয় দলৰ নেতা বাছনি কৰা বুলি উল্লেখ কৰি এখন পত্ৰ প্ৰদান কৰে।...