September 27, 2025 8:17 PM

views 28

নতুন দিল্লীত অনুষ্ঠিত আই এছ এছ এফ জুনিয়ৰ ৱৰ্ল্ড কাপ প্রতিযোগিতাত ভাৰতৰ ৰশ্মিকা ছেহগাল আৰু কপিলৰ সোণৰ পদক

নতুন দিল্লীৰ ড০ কনি সিং ৰেঞ্জত অনুষ্ঠিত আই এছ এছ এফ জুনিয়ৰ ৱৰ্ল্ড কাপ প্রতিযোগিতাত আজি ১০ মিটাৰ এয়াৰ পিষ্টলৰ মিক্সড শাখাত ভাৰতৰ ৰশ্মিকা ছেহগাল আৰু কপিলে সোণৰ পদক অৰ্জন কৰে। তেওঁলোকে প্রতিযোগিতাৰ ফাইলেনত বংশীকা চৌধাৰী আৰু এণ্টনি জনাথন গেভিনক ১৬-১০ ব্যৱধানত পৰাস্ত কৰে। এই শাখাত স্পেইনৰ যুটিটোৱে ব্ৰঞ্জৰ পদক লাভ কৰে ।