November 10, 2025 1:59 PM

views 17

ৰাজ্যৰ বিভিন্ন প্ৰান্তত ৰাস মহোৎসৱ উপলক্ষে উখল-মাখল পৰিৱেশ

ৰাজ্যৰ বিভিন্ন প্ৰান্তত ৰাস মহোৎসৱ উপলক্ষে উখল-মাখল পৰিৱেশে বিৰাজ কৰিছে। নগাঁও জিলাৰ কলিয়াবৰৰ শিলঘাটৰ ৰাসথলীত কালি ইংলেণ্ড, স্কটলেণ্ডকে ধৰি বহিঃৰাষ্ট্ৰৰ পৰা অহা ১৭ জনীয়া পৰ্যটকৰ এটা দলে ৰাসলীলা উপভোগ কৰে। নদীপথেৰে কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানলৈ অহা পৰ্যটকৰ দলটোৱে নিশা শিলঘাটত নদীৰ বুকুত জাহাজতে অতিবাহিত কৰাৰ পাছত আজি পুৱা পুনৰ কাজিৰঙা দৰ্শনৰ বাবে যাত্ৰা কৰে। ইপিনে বাক্সা জিলাত ৯২ সংখ্যক পূব খাগ্ৰাবাৰী ৰাস মহোৎসৱত জীৱন্ত ৰাসলীলাই অগণন লোকক মুগ্ধ কৰিছে। এই ৰাসলীলা উপভোগ কৰিবলৈ বহু লোকৰ সমাগম হৈছে।

November 3, 2025 9:47 PM

views 36

ৰাজ্যৰ ভিন্ন প্ৰান্তত শ্ৰীকৃষ্ণৰ ৰাস মহোৎসৱৰ প্ৰস্তুতি প্রায় সম্পূৰ্ণ

ৰাজ্যৰ বিভিন্ন প্ৰান্তত শ্ৰীকৃষ্ণৰ ৰাস মহোৎসৱৰ প্ৰস্তুতি প্রায় সম্পূৰ্ণ হৈ উঠিছে। সত্ৰ সংস্কৃতিৰ প্ৰাণকেন্দ্ৰ মাজুলী, লখিমপুৰ, ধেমাজি আৰু নামনি অসমৰ হাউলী, পলাশবাৰী, টিহু, নলবাৰী, পাঠশালা, পাটাছাৰকুছি, তামুলপুৰ, মৰিগাঁৱকে ধৰি বিভিন্ন ঠাইত ৰাস উৎসৱৰ আয়োজন কৰা হৈছে। যোৱা এমাহজোৰা আখৰাৰ পাছত শিল্পী, কলা-কুশলীসকলে ৰাস মহোৎসৱৰ শ শ বছৰীয়া পৰম্পৰা পালনৰ বাবে সাজু হৈছে। আজি ৰাসৰ নাট পৰম্পৰাৰ বৰ আখৰা অনুষ্ঠিত হৈছে। মাজুলীৰ অৰ্ধ শতাধিক ৰাস মঞ্চত আজি কলা-কুশলীসকলে ৰাসৰ নাটৰ বৰ আখৰা আৰম্ভ কৰিছে। জিলাখনৰ ...

November 1, 2025 8:56 PM

views 51

ৰাজ্যৰ বিভিন্ন প্ৰান্তত শ্ৰীকৃষ্ণৰ ৰাস মহোৎসৱৰ আখৰা অব্যাহত

ৰাজ্যৰ বিভিন্ন প্ৰান্তত শ্ৰীকৃষ্ণৰ ৰাস মহোৎসৱ পালন কৰাৰ উদ্দেশ্যে আখৰা পূৰ্ণ গতিত চলি আছে। নামঘৰ, মন্দিৰ আদিত সন্ধিয়া স্থানীয় বয়োজ্যেষ্ঠ লোক, যুৱক-যুৱতীসকলে ৰাসৰ আখৰা চলাই আছে।   মাজুলীৰ বিভিন্ন স্থানত অহা ৪ নৱেম্বৰৰ পৰা ৰাস মহোৎসৱৰ আয়োজন কৰা হৈছে। আউনীআটী সত্ৰত অহা ৬ নৱেম্বৰত ৰাস মহোৎসৱৰ আয়োজন কৰা হৈছে। জিলাখনৰ সত্ৰসমূহৰ লগতে বিভিন্ন স্থানত এইবাৰ মুঠ ৬৫ খন ৰাস অনুষ্ঠিত হ'ব। বহুকেইটা মঞ্চত শিশু ৰাস, মিছিং ভাষাৰ ৰাস, মহিলা শিল্পীৰ দ্বাৰা ৰাস পৰিবেশন কৰা হ'ব। যোৰহাট জিলাৰ ঢেকীয়াজুলি, বা...