November 3, 2025 12:40 PM

views 53

ৰাজ্যৰ বিভিন্ন প্ৰান্তত কাইলৈৰ পৰা ৰাস মহোৎসৱ

ৰাজ্যৰ বিভিন্ন প্ৰান্তত কাইলৈৰ পৰা ৰাস মহোৎসৱ অনুষ্ঠিত হ'ব। ইয়াৰ বাবে প্রস্তুতি প্রায় সম্পূর্ণ হৈ উঠিছে। যোৱা এমাহজোৰা আখৰাৰ পাছত শিল্পী, কলা-কুশলীসকলে ৰাস মহোৎসৱৰ শ শ বছৰীয়া পৰম্পৰা পালনৰ বাবে সাজু হৈছে। আজি বৰ আখৰা অনুষ্ঠিত হ'ব। সত্ৰ সংস্কৃতিৰ প্ৰাণকেন্দ্ৰ মাজুলী, লখিমপুৰ, ধেমাজি আৰু নামনি অসমৰ হাউলী, পলাশবাৰী, টিহু, নলবাৰী, পাঠশালা, পাটাছাৰকুছি, তামুলপুৰ, মৰিগাঁৱকে ধৰি বিভিন্ন ঠাইত ৰাস উৎসৱ অনুষ্ঠিত হ'ব। মাজুলীৰ অর্ধ শতাধিক ৰাস মঞ্চত আজি কলা-কুশলীসকলে বৰ আখৰা কৰিব। জিলাখনৰ উত্তৰ-কমলাবাৰী সত্ৰ...