November 4, 2025 6:55 PM November 4, 2025 6:55 PM

views 97

ৰাজ্যৰ বিভিন্ন প্ৰান্তত আজি ৰাস মহোৎসৱ আৰম্ভ

ৰাজ্যৰ বিভিন্ন প্ৰান্তত ৰাস মহোৎসৱ আজি আৰম্ভ হৈছে। মাজুলী, লখিমপুৰ, ধেমাজি আৰু নামনি অসমৰ হাউলী, পলাশবাৰী, টিহু, নলবাৰী, পাঠশালা, পাটাছাৰকুছি, তামুলপুৰ, নগাঁও, মৰিগাঁৱকে ধৰি বিভিন্ন ঠাইত ৰাস উৎসৱৰ আয়োজন কৰা হৈছে। সত্ৰ সংস্কৃতিৰ প্ৰাণকেন্দ্ৰ মাজুলীত আজিৰে পৰা ৰাস মহোৎসৱ আৰম্ভ হৈছে। জিলাখনৰ উত্তৰ-কমলাবাৰী সত্ৰত ৩৫২ বছৰীয়া পৰম্পৰা অক্ষুণ্ণ ৰাখি ৰাস মহোৎসৱৰ আয়োজন কৰা হৈছে। মহাপুৰুষ শংকৰদেৱৰ অমৰ সৃষ্টি কেলিগোপাল নাটৰ আধাৰত ব্ৰজাৱলী ভাষাত আজি, কাইলৈ আৰু পৰহিলৈ কমলাকান্ত আতা ক্ষেত্ৰত ৰাস অনুষ্ঠিত হ'ব। ...