October 21, 2025 7:33 PM

views 123

ৰাজ্যৰ বিভিন্ন প্ৰান্তত ৰাস উৎসৱ উদযাপনৰ বাবে প্রস্তুতি অব্যাহত

ৰাজ্যৰ বিভিন্ন প্ৰান্তত ৰাস উৎসৱ উদযাপনৰ বাবে প্রস্তুতি অব্যাহত আছে। নলবাৰীৰ শ্ৰীশ্ৰী হৰি মন্দিৰত অহা ৫ নৱেম্বৰৰ পৰা ১৭ নৱেম্বৰলৈ হ'বলগীয়া ৰাস মহোৎসৱৰ আজি লাইখুঁটা স্থাপন কৰা হয়। এই মহোৎসৱৰ অংশ হিচাপে অহা ৬ নৱেম্বৰত ১০ হাজাৰ শিল্পীয়ে জনতাৰ শিল্পী জুবিন গাৰ্গৰ মায়াবিনী গীতটি পৰিবেশন কৰি শ্রদ্ধা নিবেদন কৰিব। এই মহোৎসৱত জীৱন্ত ৰাস আৰু ভাওনা পৰিবেশন কৰা হ'ব। তামুলপুৰ জিলা সদৰৰ হৰি মন্দিৰ প্ৰাঙ্গনতো আজি ৬৮ সংখ্যক ৰাস মহোৎসৱৰ লাইখুঁটা স্থাপন কৰা হয়। এই মহোৎসৱত প্রিয় শিল্পী জুবিন গাৰ্গৰ প্রতি শ্রদ্ধাঞ্...