March 25, 2025 8:01 PM March 25, 2025 8:01 PM
10
ব্যক্তিগত খণ্ডৰ বিদ্যালয়সমূহক পৰীক্ষা কেন্দ্ৰৰ দায়িত্বৰ পৰা অব্যাহতি দিয়াৰ সিদ্ধান্ত অসম চৰকাৰৰ
অসম চৰকাৰে এতিয়াৰেপৰা ব্যক্তিগত খণ্ডৰ বিদ্যালয়সমূহক পৰীক্ষা কেন্দ্ৰৰ দায়িত্বৰ পৰা অব্যাহতি দিয়াৰ বিষয়ে সক্রিয়ভাৱে বিবেচনা কৰিছে। আজি ৰাজ্য বিধানসভাত যোৱা ২১ মাৰ্চত হ'বলগীয়া অসম বিদ্যালয় শিক্ষা পৰিষদৰ অধীনৰ একাদশ শ্ৰেণীৰ গণিতৰ প্ৰশ্ন কাকত ফাদিল হোৱা ঘটনা সম্পৰ্কত বিবৃতি দি শিক্ষামন্ত্রী ডাঃ ৰণোজ পেগুৱে এইকথা প্রকাশ কৰে। তেওঁ কয়, যে গোৱালপাৰা জিলাৰ এখন ব্যক্তিগত বিদ্যালয়ৰ পৰা এই প্রশ্নকাকত প্রথমে ফাদিল হোৱা আৰু আন ১৫ খন বিদ্যালয়ত প্রশ্নকাকতৰ টোপোলা আগতীয়াকৈ খোলা হৈছিল বুলি নিশ্চিত তথ্য...