August 4, 2024 11:40 AM

views 24

ৰাজ্য চৰকাৰে টিউটৰ শিক্ষকসকলৰ সমস্যা সমাধানৰ বাবে বিবেচনাৰে আগবাঢ়িব বুলি শিক্ষা মন্ত্ৰী ডাঃ ৰণোজ পেগুৰ প্ৰকাশ

ৰাজ্য চৰকাৰে টিউটৰ শিক্ষকসকলৰ সমস্যা সমাধানৰ বাবে বিবেচনাৰে আগবাঢ়িব বুলি শিক্ষা মন্ত্ৰী ডাঃ ৰণোজ পেগুৱে প্ৰকাশ কৰিছে। সদৌ অসম ডি এল এড টিউটৰ সংস্থাৰ প্ৰতিনিদি দল এটাৰ সৈতে কালি জনতাভৱনত শিক্ষামন্ত্ৰীগৰাকীয়ে তেওঁলোকৰ বিভিন্ন সমস্যা সন্দৰ্ভত আলোচনাত মিলিত হয়। এই আলোচনাৰ অন্তত শিক্ষামন্ত্ৰীগৰাকীয়ে টিউটৰ শিক্ষকসকলৰ সমস্যা সমাধানৰ বাবে ৰাজ্য চৰকাৰে পদক্ষেপ ল'ব বুলি সামাজিক মাধ্যমযোগে সদৰি কৰিছে। আনহাতে সদৌ অসম অপ্রাদেশীকৃত শিক্ষক-কর্মচাৰী সংস্থাৰ এটা প্রতিনিধি দলৰ সৈতে শিক্ষামন্ত্ৰীগৰাকী কালি আন ...

August 2, 2024 12:24 PM

views 19

শীঘ্ৰে হাইস্কুল শিক্ষান্ত পৰীক্ষাৰ পৰা বিভাগ প্ৰদানৰ ব্যৱস্থা আঁতৰ কৰা হ’বঃ ৰণোজ পেগু

ৰাজ্যৰ শিক্ষা ব্যৱস্থাৰ আমূল পৰিৱৰ্তনৰ লক্ষ্যৰে শিক্ষা বিভাগে গ্ৰহণ কৰা বিভিন্ন পদক্ষেপৰ অংশ হিচাপে শীঘ্ৰে হাইস্কুল শিক্ষান্ত পৰীক্ষাৰ পৰা বিভাগ প্ৰদানৰ ব্যৱস্থা আঁতৰ কৰা হ’ব বুলি শিক্ষামন্ত্ৰী ডাঃ ৰণোজ পেগুৱে ঘোষণা কৰিছে। অসম মাধ্যমিক শিক্ষা পৰিষদ আৰু আজিম প্রেমজি বিশ্ববিদ্যালয়ৰ সহযোগত কালি গুৱাহাটীত অনুষ্ঠতি প্রশ্নকাকত প্রস্তুত সম্পৰ্কীয় এখন কর্মশালাত উপস্থিতি থাকি শিক্ষামন্ত্রী ডাঃ পেগুৱে কয় যে, ইতিমধ্যে স্থান লাভৰ ব্যৱস্থা আঁতৰোৱাৰ পিছত অহা এক-দুই বছৰৰ ভিতৰত হাইস্কুল শিক্ষান্ত পৰীক্ষাৰ পৰ...

August 1, 2024 6:44 PM

views 29

গ্ৰীষ্ম বন্ধৰ পাছত পাঠদান আৰম্ভ হোৱাৰ দিনটোত শিক্ষামন্ত্রী ডাঃ ৰণোজ পেগুৱৰ ডিজিটেল মাধ্যমেৰে ৭,৭২০খন বিদ্যালয়লৈ শুভেচ্ছামূলক বাৰ্তা প্ৰেৰণ

শিক্ষামন্ত্রী ডাঃ ৰণোজ পেগুৱে গ্ৰীষ্ম বন্ধৰ পাছত আজি পাঠদান আৰম্ভ হোৱাৰ দিনটোত ডিজিটেল মাধ্যমেৰে ৰাজ্যৰ ৭,৭২০খন বিদ্যালয়লৈ শুভেচ্ছামূলক বাৰ্তা প্ৰেৰণ কৰে। সমগ্ৰ শিক্ষা, অসমৰ কাৰ্যালয়ৰ পৰা এই বিদ্যালয়সমূহৰ সৈতে সংযোগ স্থাপন কৰি মন্ত্ৰী ডাঃ পেগুৱে শিক্ষক-শিক্ষয়িত্ৰী আৰু ছাত্ৰ- ছাত্ৰীসকললৈ শুভেচ্ছা জনায়। ইয়াৰ পাছতে শিক্ষামন্ত্রী ডাঃ পেগুৱে অসমৰ বিদ্যালয়সমূহত টেলি এডুকেশ্যন, স্মার্ট ক্লাছ তথা আই চি টি ব্যৱস্থা গঢ়ি তোলা হৈছে বুলি সংবাদ মাধ্যমৰ আগত প্ৰকাশ কৰে। মাধ্যমিক পৰ্যায়ৰ বিদ্যালয়সমূহত ...

July 25, 2024 10:12 AM

views 20

কাছাৰ, কৰিমগঞ্জ আৰু হাইলাকান্দি জিলাৰ বিদ্যালয়সমূহৰ শৈক্ষিক স্থিতি সন্দৰ্ভত  শিক্ষামন্ত্রী ডাঃ ৰণোজ পেগুৰ পৰ্যালোচনা বৈঠক  

ৰাজ্যৰ শিক্ষামন্ত্রী ডাঃ ৰণোজ পেগুৱে কালি বৰাক উপত্যকাৰ কাছাৰ, কৰিমগঞ্জ আৰু হাইলাকান্দি জিলাৰ বিদ্যালয়সমূহৰ শিক্ষাৰ বুজ লোৱাৰ উদ্দেশ্যে কাছাৰ জিলা আয়ুক্তৰ কাৰ্যালয়ত পর্যালোচনা সভাত ভাগ লয়। জিলা তিনিখনৰ বিদ্যালয়সমূহৰ বিগত তিনিবছৰীয়া শৈক্ষিক স্থিতি, গুণোৎসৱৰ ফলাফল, আন্তঃগাঁথনি আদি ভিন্ন দিশৰ বিষয়ে জিলা শিক্ষা বিষয়াৰ পৰা কাম-কাজৰ বুজ লয়। পর্যালোচনা সভাত বিদ্যালয় একত্ৰীকৰণ তথা উন্নীতকৰণ, শিক্ষকৰ বদলিকৰণ, প্ৰাদেশিকীকৰণ, শিক্ষা সেতু এপ আদি বিষয়তো শিক্ষামন্ত্ৰীগৰাকীয়ে শিক্ষা বিষয়াসকলক যাৱত...

July 18, 2024 5:52 PM

views 39

ৰাজ্যৰ কাৰিকৰী শিক্ষা প্রতিষ্ঠানসমূহৰ অধ্যক্ষসকলৰ সৈতে ভিডিঅ’ কনফাৰেন্সিং ব্যৱস্থাৰে মন্ত্ৰী ডাঃ ৰণোজ পেগুৰ বৈঠক

শিক্ষামন্ত্ৰী ডাঃ ৰণোজ পেগুৱে আজি দিছপুৰত ৰাজ্যৰ কাৰিকৰী শিক্ষা প্রতিষ্ঠানসমূহৰ অধ্যক্ষসকলৰ সৈতে ভিডিঅ’ কনফাৰেন্সিং ব্যৱস্থাৰ জৰিয়তে এখন বৈঠকত মিলিত হয়। এই বৈঠকত পলিটেকনিক প্রতিষ্ঠানসমূহৰ আন্তঃগাঁথনি উন্নয়নৰ কাম-কাজ সন্দৰ্ভত বুজ লোৱা হয়। চলিত বিত্তীয় বৰ্ষত শিক্ষানুষ্ঠানসমূহৰ অতিৰিক্ত শ্ৰেণীকোঠা, স্মার্ট শ্ৰেণীকোঠা, আৱাসিক আদি আন্তঃগাঁথনিগত উন্নয়নৰ বাবে লোৱা পৰিকল্পনা অনুসৰি অধ্যক্ষসকলৰ সৈতে মন্ত্ৰীগৰাকীয়ে বিশদ আলোচনা কৰে।

July 15, 2024 12:27 PM

views 31

দিনজোৰা কাৰ্যসূচীৰে শিৱসাগৰ জিলা ভ্রমণ কেন্দ্ৰীয় জনজাতি পৰিক্ৰমা মন্ত্ৰী জুৱেল ওৰামৰ

কেন্দ্ৰীয় জনজাতি পৰিক্ৰমা মন্ত্ৰী জুৱেল ওৰামে আজি দিনজোৰা কাৰ্যসূচীৰে শিৱসাগৰ জিলা ভ্রমণ কৰিছে। এই কাৰ্যসূচীৰ অংশহিচাপে তেওঁ পুৱাৰ ভাগত ইতিহাস প্রসিদ্ধ শিৱদৌল পৰিদৰ্শন কৰে। ইয়াৰ পাছতে সাংবাদিকৰ সৈতে হোৱা কথা বতৰাত তেওঁ প্ৰধানমন্ত্ৰীৰ নিৰ্দেশ মতে, জিলাখন ভ্ৰমণ কৰি বিভিন্ন উন্নয়নমূলক কাম-কাজৰ খতিয়ান ল'ব বুলি প্ৰকাশ কৰে। মন্ত্ৰীগৰাকীয়ে জিলাখনৰ কেইবাখনো জনজাতীয় গাঁও ভ্ৰমণ কৰি বান পৰিস্থিতিৰো পৰ্যালোচনা কৰিব। আজি দিনৰ ভাগত তেওঁ জলজীৱন আঁচনিৰ খতিয়ান লোৱাৰ লগতে নিতাই পুখুৰীত নৱনিৰ্মিত আহোম পথাৰ ...