July 6, 2025 7:21 PM July 6, 2025 7:21 PM
7
শিক্ষামন্ত্রী ডাঃ ৰণোজ পেগুৰ শোণিতপুৰ জিলাৰ ডুমডুমা-বৰচলা আদর্শ স্নাতক মহাবিদ্যালয় পৰিদৰ্শন
শিক্ষামন্ত্রী ডাঃ ৰণোজ পেগুৱে আজি শোণিতপুৰ জিলাৰ ঢেকিয়াজুলি সমষ্টিৰ ডুমডুমা -বৰচলা আদর্শ স্নাতক মহাবিদ্যালয়খন পৰিদৰ্শন কৰি শিক্ষক-শিক্ষয়িত্ৰী, পৰিচালনা সমিতি তথা স্থানীয় ৰাইজৰ সৈতে মত বিনিময় কৰে। উল্লেখযোগ্য যে উচ্চ শিক্ষাৰ ক্ষেত্ৰখনত এক নতুন সংযোজন স্বৰূপ এই মহাবিদ্যালয়খন চলিত শিক্ষাবৰ্ষৰ পৰা পাঠদান আৰম্ভ কৰিবলৈ সাজু হৈছে। এছ অ' পি ডি আঁচনিৰ অধীনত আধুনিক শিক্ষাগত মানেৰে নিৰ্মাণ কৰা শিক্ষানুষ্ঠানখনে সুসংগঠিত পাঠদান ব্যৱস্থা কৰিব বুলি মন্ত্ৰীগৰাকীয়ে আশা প্রকাশ কৰে। মন্ত্রী ডাঃ পেগুৱে সংবাদ...