July 19, 2024 11:40 AM

views 13

ৰাজ্যৰ পলিটেকনিক প্রতিষ্ঠানসমূহৰ অধ্যক্ষসকলৰ সৈতে শিক্ষামন্ত্ৰী ৰণোজ পেগুৰ মতবিনিময়

শিক্ষামন্ত্ৰী ৰণোজ পেগুৱে কালি জনতা ভৱনত ভিডিঅ' কনফাৰেঞ্চিং ব্যৱস্থাৰে ৰাজ্যৰ পলিটেকনিক প্রতিষ্ঠানসমূহৰ অধ্যক্ষসকলৰ সৈতে মতবিনিময় কৰে। এই বৈঠকত ২০২৪-২৫ বিত্তীয় বৰ্ষত, চৌহদৰ বেৰ, কর্মশালা, অতিৰিক্ত শ্ৰেণীকোঠা, স্মার্ট শ্রেণীকোঠা, শিক্ষার্থী আবাসকে ধৰি প্ৰতিষ্ঠানসমূহৰ আন্তঃগাঁথনি উন্নয়ন সন্দৰ্ভত আলোচনা কৰা হয়। এই বৈঠকত উচ্চ শিক্ষাৰ সচিব নাৰায়ণ কোঁৱৰকে ধৰি লোকনিৰ্মাণ বিভাগৰ মুখ্য অভিযন্তা, কাৰিকৰী শিক্ষা সঞ্চালক তথা কেইবাগৰাকীও জ্যেষ্ঠ বিষয়া উপস্থিত থাকে।