May 15, 2025 8:39 PM

views 16

ধেমাজিৰ ১৫ নম্বৰ ৰাষ্ট্ৰীয় ঘাইপথৰ নিৰ্মীয়মাণ কালভাৰ্ট পৰিদৰ্শন কৰি নিৰ্মাণকাৰ্য বাৰিষাৰ আগতে শেষ কৰাৰ নিৰ্দেশ মন্ত্ৰী ড০ ৰণোজ পেগুৰ

শিক্ষা, ভৈয়াম জনজাতি আৰু পিছপৰা শ্ৰেণীৰ কল্যাণ বিভাগৰ মন্ত্ৰী ড০ ৰণোজ পেগুৱে আজি ধেমাজিৰ চমৰাজানৰ ভজো গাঁৱত ১৫ নম্বৰ ৰাষ্ট্ৰীয় ঘাইপথৰ ওপৰত নিৰ্মাণ কৰা কালভাৰ্টটো পৰিদৰ্শন কৰি নিৰ্মাণ কাৰ্যৰ বুজ লয়। প্রতি বাৰিষা জীয়াধল নৈৰ সুঁতি ব্ৰহ্মজানৰ বাঢ়নী পানীয়ে যাতায়াত ব্যৱস্থাত সৃষ্টি কৰা সমস্যাৰ পৰিপ্ৰেক্ষিতত এই কালভাৰ্টটো নিৰ্মাণৰ ব্যৱস্থা কৰা হৈছে। মন্ত্ৰীগৰাকীয়ে নিৰ্মাণকাৰী প্ৰতিষ্ঠানক বাৰিষাৰ আগতে নিৰ্মাণ কাৰ্য শেষ কৰিবলৈ নিৰ্দেশ দিছে।