July 22, 2025 1:30 PM July 22, 2025 1:30 PM
3
নতুন-পুৰণিৰ সমাহাৰেৰে আদৰ্শ মহাবিদ্যালয়সমূহক আগবঢ়াই নিবলৈ চৰকাৰে লৈছে অভিনৱ পন্থাঃ শিক্ষামন্ত্ৰী ডাঃ ৰণোজ পেগু
ৰাজ্যৰ আদৰ্শ মহাবিদ্যালয়সমূহৰ ৫০ শতাংশ পদত অৱসৰপ্ৰাপ্ত অধ্যাপক নিযুক্তিৰ বাবে ৰাজ্য চৰকাৰে গ্ৰহণ কৰা সিদ্ধান্তৰ সপক্ষে কালি শিক্ষামন্ত্ৰী ডাঃ ৰণোজ পেগুৱে যুক্তি দাঙি ধৰে। এই বিষয়টোক লৈ বিভিন্ন পক্ষই প্রতিবাদ সাব্যস্ত কৰিছে যদিও নতুন আৰু পুৰণিৰ সমাহাৰেৰে আদৰ্শ মহাবিদ্যালয়সমূহক আগবঢ়াই নিয়াৰ বাবে চৰকাৰে অভিনৱ পন্থা লৈছে বুলি মন্ত্ৰীগৰাকীয়ে মন্তব্য কৰে। তেওঁ কয়, যে ৬৫ বছৰ পর্যন্তহে অৱসৰী অধ্যাপকসকলে এই পদত কাৰ্যনিৰ্বাহ কৰিব পাৰিব। মন্ত্ৰীগৰাকীয়ে কালি জনতা ভৱনত অভিযান্ত্ৰিক মহাবিদ্যালয়ৰ দুগৰ...