January 16, 2026 7:56 PM

views 18

বজালী উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ গৌৰৱময় শতবৰ্ষৰ সামৰণি

বজালী জিলাৰ অগ্ৰণী শিক্ষানুষ্ঠান বজালী উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ গৌৰৱময় শতবৰ্ষৰ সামৰণি অনুষ্ঠান ৩ দিনীয়া কাৰ্যসূচীৰে আজিৰে পৰা আয়োজন কৰা হৈছে। আজি প্ৰথম দিনা কার্যসূচীত ৮ কোটি টকা ব্যয় সাপেক্ষে নিৰ্মাণ কৰা বজালী উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ মূল ভৱন শিক্ষামন্ত্ৰী ডাঃ ৰণোজ পেগুৱে উদ্বোধন কৰে। এই উদ্বোধনী অনুষ্ঠানত বিধায়ক তথা কেবিনেট মন্ত্ৰী ৰণজিৎ‍ কুমাৰ দাসো উপস্থিত থাকে। ১৯২৬ চনত স্থাপন কৰা বজালী উচ্চতৰ মাধ্যমিক বিদ্যালয়ে ১০০ বছৰীয়া গৌৰবোজ্জল শৈক্ষিক যাত্ৰাত ভালেসংখ্যক মেধাবী ছাত্ৰ-ছাত্ৰী আ...

September 10, 2025 8:36 PM

views 25

প্ৰতিখন মহাবিদ্যালয়তে পর্যায়ক্রমে সকলো শাখা মুকলি কৰিব : শিক্ষামন্ত্ৰী

অসম চৰকাৰে ৰাজ্যৰ প্ৰতিখন মহাবিদ্যালয়তে পর্যায়ক্রমে সকলো শাখা মুকলি কৰিব বুলি শিক্ষামন্ত্ৰী ডাঃ ৰণোজ পেগুৱে ঘোষণা কৰিছে। মন্ত্ৰীগৰাকীয়ে আজি বৰপেটা জিলাৰ মধ্য কামৰূপ মহাবিদ্যালয়ৰ নতুন ভৱন আৰু এখন তোৰণ মুকলি কৰি এটা অনুষ্ঠানত দিয়া ভাষণত এই বিষয়ে প্রকাশ কৰে। তেওঁ সাম্প্ৰতিক সময়ৰ চাহিদা অনুসৰি পুঠিগত শিক্ষাৰ লগতে ব্যৱহাৰিক শিক্ষাৰে ছাত্ৰ-ছাত্ৰীসকলক একবিংশ শতিকাৰ উপযোগী হোৱাকৈ নিজক গঢ় দিবলৈ আহ্বান জনায়। এই লক্ষ্য আগত ৰাখি প্ৰতিখন মহাবিদ্যালয়ত বিজ্ঞান, কলা, বাণিজ্য আৰু বৃত্তিমুখী শাখা মুকলি ...

August 20, 2025 8:42 PM

views 29

জিলা আয়ুক্ত, অতিৰিক্ত আয়ুক্ত, বিদ্যালয় পৰিদৰ্শক, মহাবিদ্যালয়ৰ অধ্যক্ষৰে বৈঠক মন্ত্ৰী ডা০ ৰণোজ পেগুৰ

শিক্ষা মন্ত্ৰী ডা০ ৰণোজ পেগুৱে আজি জনতা ভৱনৰ পৰা জিলা আয়ুক্ত, অতিৰিক্ত আয়ুক্ত, বিদ্যালয় পৰিদৰ্শক আৰু মহাবিদ্যালয়ৰ অধ্যক্ষসকলৰ সৈতে ভার্চুৱেল ব্যৱস্থাৰে নৱ ভাৰত সাক্ষৰতা কাৰ্যসূচী উল্লাস সম্পর্কে আলোচনা কৰে। বৈঠকত শিক্ষামন্ত্ৰীগৰাকীয়ে প্ৰতিখন জিলাত এই আঁচনিৰ অধীনত চলি থকা কাৰ্যক্ৰমৰ পৰ্যালোচনাৰ লগতে আসন্ন পৰীক্ষাৰ প্ৰস্তুতিৰ বাবে জিলা প্ৰশাসন আৰু অধ্যক্ষসকলক যাৱতীয় নির্দেশ দিয়ে। শিক্ষা লাভৰ পৰা বঞ্চিত দেশৰ ১৫ বছৰ তাতকৈ অধিক বয়সৰ সকলো প্ৰাপ্তবয়স্ক লোকক সাক্ষৰতামূলক কাৰ্যসূচীৰে সৱল কৰি তুল...

July 6, 2025 1:21 PM

views 17

লখিমপুৰ বিধানসভা সমষ্টিৰ অন্তৰ্গত গ্ৰামাঞ্চলত উচ্ছেদিত প্ৰতিটো খিলঞ্জীয়া পৰিয়ালক চৰকাৰে ৯ বিঘাকৈ ভূমি প্রদান কৰিব

লখিমপুৰ বিধানসভা সমষ্টিৰ অন্তৰ্গত গ্ৰামাঞ্চলত উচ্ছেদ কৰা প্ৰতিটো খিলঞ্জীয়া পৰিয়ালক চৰকাৰে ৯ বিঘাকৈ ভূমি প্রদান কৰিব। শিক্ষামন্ত্রী তথা লখিমপুৰ জিলাৰ অভিভাৱক মন্ত্রী ডাঃ ৰণোজ পেগুৱে কালি এইকথা প্রকাশ কৰে। তেওঁ কয়, যে এই ৯ বিঘা ভূমিৰ এবিঘা ঘৰৰ ভেটিৰ বাবে আৰু বাকী ৮ বিঘা ভূমি খেতি কৰাৰ বাবে দিয়া হ'ব। এই লোকসকলে বসুন্ধৰা এপৰ জৰিয়তে আবেদন কৰিলেই চৰকাৰে তেওঁলোকক ভূমিৰ আৱণ্টন দিব বুলি ডাঃ পেগুৱে প্ৰকাশ কৰে। তেওঁ কয়, যে চৰকাৰী ভূমিত বিশেষকৈ ভি জি আৰ আৰু পি জি আৰ হিচাপে স্বীকৃত ভূমি দখল কৰি থকা লোক...

November 1, 2024 7:34 PM

views 25

অহা বছৰৰ মে’ মাহৰ ভিতৰত ৰাজ্যৰ উচ্চ আৰু উচ্চতৰ মাধ্যমিকত বিদ্যালয়ত পুনৰ ৯ হাজাৰ নতুন শিক্ষক নিযুক্তি দিয়া হ’বঃ শিক্ষামন্ত্রী

অহা বছৰৰ মে' মাহৰ ভিতৰত ৰাজ্যৰ উচ্চ আৰু উচ্চতৰ মাধ্যমিকত বিদ্যালয়ত পুনৰ ৯ হাজাৰ নতুন শিক্ষক নিযুক্তি দিয়া হ'ব। ধেমাজি উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ মহাৰৰ্জত জয়ন্তীৰ শুভাৰম্ভণি অনুষ্ঠানত অংশগ্রহণ কৰি শিক্ষামন্ত্রী ডাঃ ৰণোজ পেগুৱে কালি এই কথা প্ৰকাশ কৰে। শিক্ষামন্ত্ৰীগৰাকীয়ে কয় যে, ইতিমধ্যে এই নিযুক্তি প্রক্রিয়া আৰম্ভ কৰা হৈছে। তেওঁ লগতে ৰাজ্যত প্ৰথম বাৰৰ বাবে সুকীয়াকৈ গণিত বিষয়ৰ শিক্ষক নিযুক্তি নিয়াৰ কথাও ঘোষণা কৰে। এই সন্দৰ্ভত শিক্ষামন্ত্রী পেগুৱে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ নেতৃত্বাধ...

September 18, 2024 7:59 PM

views 15

অভিভাৱক মন্ত্ৰী লাভৰ পাছত প্ৰথমবাৰৰ বাবে শিক্ষামন্ত্রী ডাঃ ৰণোজ পেগু মাজুলীত উপস্থিত

মাজুলী জিলাৰ অভিভাৱক মন্ত্ৰী লাভৰ পাছত প্ৰথমবাৰৰ বাবে শিক্ষামন্ত্রী ডাঃ ৰণোজ পেগু জিলাখনত উপস্থিত হয়। মন্ত্ৰীগৰাকীয়ে বিজেপিৰ মাজুলী জিলা কাৰ্যালয়ত উপস্থিত হৈ দলৰ সদস্যতা অভিযান আৰু অৰুণোদয় তৃতীয় পৰ্যায়ৰ আঁচনি ৰূপায়ণৰ সন্দৰ্ভতো মত বিনিময় কৰে ।

September 16, 2024 5:48 PM

views 26

ৰাজ্যৰ মহাবিদ্যালয় সমূহৰ স্নাতক পাঠ্যক্ৰমত দক্ষতা বিকাশৰ শিক্ষা অন্তৰ্ভুক্ত কৰাৰ বাবে ৰাজ্য চৰকাৰে প্ৰচেষ্টা অব্যাহত ৰাখিছেঃ ৰণোজ পেগু

ৰাজ্যৰ মহাবিদ্যালয় সমূহৰ স্নাতক পাঠ্যক্ৰমত দক্ষতা বিকাশৰ শিক্ষা অন্তৰ্ভুক্ত কৰাৰ বাবে ৰাজ্য চৰকাৰে প্ৰচেষ্টা অব্যাহত ৰাখিছে বুলি শিক্ষা মন্ত্ৰী ডাঃ ৰণোজ পেগুৱে প্ৰকাশ কৰে। কোকৰাঝাৰ বালিকা মহাবিদ্যালয়ৰ নৱাগত আদৰণি সভাত আজি মুখ্য অতিথি হিচাপে উপস্থিত থাকি দিয়া ভাষণত মন্ত্ৰীগৰাকীয়ে এই বিষয়ে প্ৰকাশ কৰে। তেওঁ কয় যে, চলিত শিক্ষা বৰ্ষৰ পৰা ৰাজ্যৰ মহাবিদ্যালয় আৰু বিশ্ববিদ্যালয়সমূহত সকলো ধৰণৰ দক্ষতা বিকাশৰ পাঠ্যক্ৰম প্ৰৱৰ্তনৰ বিষয়ে উল্লেখ কৰে। তেওঁ লগতে নিজৰ দক্ষতা বিকাশ কৰি জীৱন কৌশল আয়ত্ব কৰি...

September 15, 2024 11:47 AM

views 22

গোৱালপাৰা মহাবিদ্যালয়ত স্থাপন কৰা এফ এম ৰেডিঅ’ কেন্দ্ৰটো শিক্ষামন্ত্রী ডা০ ৰণোজ পেগুৰ উদ্বোধন

গোৱালপাৰা মহাবিদ্যালয়ত স্থাপন কৰা এফ এম ৰেডিঅ' কেন্দ্ৰটো কালি শিক্ষামন্ত্রী ডা০ ৰণোজ পেগুৱে আনুষ্ঠানিকভাৱে উদ্বোধন কৰে। ৰেডিঅ' কেন্দ্ৰটোৰ উদ্বোধনী সভাখনত মহাবিদ্যালয়খনৰ অধ্যক্ষ ড০ সুভাষ বর্মনে সভাপতিত্ব কৰে। সভাত মন্ত্রাগৰাকীয়ে মহাবিদ্যালয়ৰ আন্তঃগাঁথনি আৰু ছাফ-চিকুণতা তথা ছাত্ৰ-ছাত্ৰীৰ শৃংখলাবদ্ধতাত সন্তুষ্টি প্রকাশ কৰে। মন্ত্রীগৰাকীয়ে এফ এম ৰেডিঅ' ৮৯. ৬ কেন্দ্ৰটো উদ্বোধন কৰি এয়া অসমৰ ভিতৰত মহাবিদ্যালয়ৰ প্ৰথমটো অনাতাঁৰ কেন্দ্ৰ বুলি কয়। মহাবিদ্যালয়খনৰ অধ্যক্ষ ড০ সুভাষ বৰ্মনৰ ব্যতিক্রমী চ...

September 5, 2024 6:30 PM

views 21

সৰ্বেপল্লী ৰাধাকৃষ্ণণৰ জন্মবার্ষিকীৰ লগত সংগতি ৰাখি দেশজুৰি শিক্ষক দিৱস পালন

শিক্ষাবিদ তথা প্রাক্তন ৰাষ্ট্ৰপতি ড০ সৰ্বেপল্লী ৰাধাকৃষ্ণণৰ জন্মবার্ষিকীৰ লগত সংগতি ৰাখি দেশজুৰি আজি শিক্ষক দিৱস পালন কৰা হৈছে। দেশত ১৯৬২ চনৰ ৫ ছেপ্তেম্বৰত প্ৰথম শিক্ষক দিৱস অনুষ্ঠিত হৈছিল আৰু ১৯৭২ চনৰে পৰা চৰকাৰীভাৱে এই দিৱস পালন কৰি অহা হৈছে। শিক্ষক দিৱস উপলক্ষে ৰাষ্ট্ৰপতি শ্ৰীমতী দ্রৌপদী মুৰ্মুৰ উপস্থিতিত আজি নতুন দিল্লীৰ বিজ্ঞান ভৱনত দেশৰ বিভিন্ন প্ৰান্তৰ ৮২ গৰাকী শিক্ষক-শিক্ষয়িত্ৰীক ২০২৪ বৰ্ষৰ বাবে ৰাষ্ট্ৰীয় কৃতী শিক্ষক বঁটা প্ৰদান কার্যসূচী অনুষ্ঠিত হয়। দেশৰ আন বিভিন্ন অংশৰ লগতে অসমতো আ...

August 19, 2024 8:11 PM

views 22

শিক্ষাৰ্থীসকলৰ সৰ্বাঙ্গীণ বিকাশ আৰু প্ৰগতিত আৰোহণ আঁচনিয়ে ইতিবাচক পৰিৱৰ্তন আনিবলৈ সমৰ্থ হৈছেঃ শিক্ষামন্ত্ৰী

শিক্ষাৰ্থীসকলৰ সৰ্বাঙ্গীণ বিকাশ আৰু প্ৰগতিত আৰোহণ আঁচনিয়ে ইতিবাচক পৰিৱৰ্তন আনিবলৈ সমৰ্থ হৈছে বুলি শিক্ষামন্ত্ৰী ৰণোজ পেগুৱে প্ৰকাশ কৰিছে। প্ৰতিযোগিতাৰ মাজেৰে নিজক প্ৰতিষ্ঠা কৰিব পৰাকৈ শিক্ষাৰ্থীসকলে আৰম্ভণিৰে পৰা মন স্থিৰ কৰিব লাগিব বুলিও তেওঁ কয়। উল্লেখযোগ্য যে ২০২৩-২৪ বৰ্ষত ৪৩২৪ গৰাকী শিক্ষাৰ্থী আৰু ৪৮১৪ গৰাকী মেণ্টৰে আৰোহণ পোৰ্টেলৰ জৰিয়তে নাম অন্তৰ্ভুক্ত কৰিছে। একেদৰে ২০২৪-২৫ বৰ্ষত ৪২৮০ গৰাকী শিক্ষাৰ্থী আৰু ১৯৩৪ গৰাকী মেণ্টৰে আৰোহণ পোৰ্টেলৰ জৰিয়তে নাম অন্তৰ্ভুক্ত কৰে। এই পোৰ্টেলৰ জৰিয়তে ...