July 24, 2025 7:32 PM

views 27

প্রধানমন্ত্রী আবাস যোজনাৰ অধীনত অহা ৩১ অক্টোবৰৰ ভিতৰত ২৮ লাখ গৃহ নিৰ্মাণ সম্পূৰ্ণ হ’বঃ মন্ত্ৰী ৰঞ্জিত কুমাৰ দাস

প্রধানমন্ত্রী আবাস যোজনাৰ অধীনত অহা ৩১ অক্টোবৰৰ ভিতৰত ২৮ লাখ গৃহ নিৰ্মাণ সম্পূৰ্ণ হ'ব বুলি পঞ্চায়ত আৰু গ্ৰামোন্নয়ন মন্ত্ৰী ৰঞ্জিত কুমাৰ দাসে প্ৰকাশ কৰিছে। শিৱসাগৰ জিলা আয়ুক্ত সভাকক্ষত আজি বিভাগীয় বিষয়া-কৰ্মচাৰীৰ উপস্থিতিত এখন পর্যালোচনা সভাত অংশ লোৱাৰ পাছত সাংবাদিকৰ সৈতে হোৱা কথা-বতৰাত মন্ত্ৰীগৰাকীয়ে এইদৰে কয়। তেওঁ কয়, যে এই আঁচনিৰ অধীনত ৰাজ্যত ২৮ লাখ গৃহৰ ভিতৰত ২১ লাখৰ নিৰ্মাণ সম্পূৰ্ণ হৈছে আৰু বাকী থকা ৭ লাখ গৃহৰ নিৰ্মাণকাৰ্য চলি আছে। উল্লেখযোগ্য যে প্রধানমন্ত্রী আবাস যোজনাৰ অধীনত শিৱস...

June 6, 2025 8:34 PM

views 37

বঙাইগাঁৱত ১,০০৭ গৰাকী অংগনবাড়ী কর্মীক স্মার্ট ফোন প্ৰদান

বঙাইগাঁও জিলাতো আজি পঞ্চায়ত আৰু গ্ৰামোন্নয়ন মন্ত্ৰী ৰণজিৎ‍ কুমাৰ দাসে ১,০০৭ গৰাকী অংগনবাড়ী কর্মীক স্মার্ট ফোন প্ৰদান কৰে। এই উপলক্ষে আয়োজিত অনুষ্ঠানত মন্ত্ৰীগৰাকীয়ে কয়, যে মাতৃৰ পিছতে অংগনবাড়ী কর্মীসকল হৈছে শিশুসকলৰ পথ প্ৰদৰ্শক। অংগনবাড়ী কর্মীসকলে যাতে কামসমূহ সূচাৰুৰূপে কৰিব পাৰে তাৰ প্ৰতি লক্ষ্য ৰাখি স্মার্ট ফোন প্ৰদান কৰা হৈছে বুলি জিলাখনৰ আয়ুক্ত নৱদীপ পাঠকে অনুষ্ঠানত উল্লেখ কৰে৷

March 11, 2025 8:31 PM

views 29

পঞ্চায়ত আৰু গ্ৰামোন্নয়ন বিভাগত জিলা পৰিষদ পৰ্যায়ত ৫৯৪টা আৰু উন্নয়ন খণ্ড পৰ্যায়ত ২,৭১০টা পদ খালী হৈ আছেঃ ৰণজিৎ কুমাৰ দাস

ৰাজ্যত পঞ্চায়ত আৰু গ্ৰামোন্নয়ন বিভাগত জিলা পৰিষদ পৰ্যায়ত ৫৯৪টা আৰু উন্নয়ন খণ্ড পৰ্যায়ত ২,৭১০টা পদ খালী হৈ আছে। পঞ্চায়ত আৰু গ্ৰামোন্নয়ন বিভাগৰ মন্ত্ৰী ৰণজিৎ কুমাৰ দাসে আজি বিধানসভাত বিধায়ক জাকিৰ হুছেইন সিকদাৰৰ এটা প্ৰশ্নৰ উত্তৰত এই কথা প্ৰকাশ কৰে। তেওঁ কয়, যে খালী হৈ থকা পদসমূহ প্ৰয়োজন সাপেক্ষে পূৰণ কৰাৰ লগতে পর্যায়ক্রমে পদোন্নতিৰ ব্যৱস্থা কৰা হ'ব। বিভাগটোৰ অধীনত বৰ্তমান ৭,৫৮৭ জন ঠিকাভিত্তিক কৰ্মচাৰী বিভিন্ন পৰ্যায়ত কৰ্মৰত হৈ আছে বুলিও মন্ত্ৰীগৰাকীয়ে জানিবলৈ দিয়ে।

December 18, 2024 1:11 PM

views 28

ড০ বাণীকান্ত কাকতি মেধা বঁটাৰ অধীনত চিৰাং জিলাৰ কাজলগাঁৱত ছাত্ৰ-ছাত্ৰীৰ মাজত স্কুটী আৰু আনন্দৰাম বৰুৱা বঁটাৰ অধীনত আৰ্থিক পুৰস্কাৰ প্ৰদান

বিকাশৰ ১২ দিন কাৰ্যসূচীৰ অংশ হিচাপে আজি চিৰাং, ধুবুৰী, কাৰ্বি আংলং, মাজুলী, শিৱসাগৰ, দক্ষিণ শালমৰা আৰু ওদালগুৰি জিলাত প্ৰজ্ঞান ভাৰতীকে ধৰি কেইবাখনো আঁচনি ৰাজ্য চৰকাৰৰ কেইবাগৰাকীও মন্ত্ৰীয়ে ৰূপায়ণ কৰিব। মন্ত্ৰী ৰঞ্জিত কুমাৰ দাসে আজি ড০ বাণীকান্ত কাকতি মেধা বঁটাৰ অধীনত চিৰাং জিলাৰ কাজলগাঁৱত ছাত্ৰ-ছাত্ৰীৰ মাজত স্কুটী আৰু আনন্দৰাম বৰুৱা বঁটাৰ অধীনত আৰ্থিক পুৰস্কাৰ প্ৰদান কৰিছে। মন্ত্ৰীগৰাকীয়ে বিয়লিৰ ভাগত বঙাইগাঁও আৰু ধুবুৰী জিলাত এই কাৰ্যসূচীত অংশগ্ৰহণ কৰিব। মাজুলীত নন্দিতা গাৰ্লোৰ্ছা, শিৱসাগৰত ...

December 16, 2024 8:31 PM

views 23

অসমী সৰস মেলাত অভিলেখ সংখ্যক ১৯ কোটি ৬৯ লাখ টকাৰো অধিক সামগ্ৰী বিক্ৰী হৈছে : মন্ত্ৰী ৰণজিৎ‍ কুমাৰ দাস

গুৱাহাটীৰ খানাপাৰাত কালি সামৰণি পৰা অসম ৰাজ্যিক গ্ৰামীণ জীৱিকা অভিযানৰ অধীনৰ অসমী সৰস মেলাত অভিলেখ সংখ্যক ১৯ কোটি ৬৯ লাখ টকাৰো অধিক সামগ্ৰী বিক্ৰী হৈছে বুলি মন্ত্ৰী ৰণজিৎ‍ কুমাৰ দাসে প্ৰকাশ কৰিছে। যোৱা ৩০ নৱেম্বৰৰ পৰা অনুষ্ঠিত এই মেলাত অসমকে ধৰি ২৭খন ৰাজ্যৰ ২৩৮ খন বিপণীয়ে অংশ লৈছিল। ইয়াৰ ভিতৰত ৰাজ্যৰ ১৩৮টা আত্মসহায়ক গোটৰ বিপণী আৰু বহিঃৰাজ্যৰ ১০০ খন বিপণী মুকলি কৰা হৈছিল। উল্লেখযোগ্য যে বিগত বৰ্ষত এই মেলাত ৮ কোটি ৭৪ লাখ টকাৰ সামগ্ৰীহে বিক্ৰী হৈছিল। এইবাৰৰ মেলাত লখিমপুৰৰ পূৰ্ণিমা মহিলা আত্মসহায...

October 4, 2024 7:38 PM

views 23

ধুবুৰীত নাবাৰ্ডৰ নৱনিৰ্মিত জিলা কাৰ্যালয়ৰ আনুষ্ঠানিক উদ্বোধন মন্ত্ৰী ৰণজিৎ কুমাৰ দাসৰ

ৰাজ্যৰ পঞ্চায়ত আৰু গ্ৰামোন্নয়ন মন্ত্ৰী ৰণজিৎ কুমাৰ দাসে আজি ধুবুৰীত নাবাৰ্ডৰ নৱনিৰ্মিত জিলা কাৰ্যালয়টোৰ আনুষ্ঠানিকভাৱে উদ্বোধন কৰে। মন্ত্ৰীগৰাকীয়ে কার্যালয় মুকলি কৰি অনাগত দিনত নাবার্ডে জিলাখনৰ কৃষিখণ্ড তথা গ্ৰাম্য উদ্যোগৰ সৈতে জড়িতসকলক বিভিন্ন সহায়-সহযোগিতা আগবঢ়াব বুলি আশা প্ৰকাশ কৰে।

September 23, 2024 8:02 PM

views 14

বজালীৰ ভট্টদেৱ বিশ্ববিদ্যালয়ত অনুষ্ঠিত প্ৰশিক্ষণ শিবিৰত হিতাধিকাৰীৰে মত-বিনিময় মন্ত্ৰী ৰঞ্জিত কুমাৰ দাসৰ

মুখ্যমন্ত্ৰী আত্মনিৰ্ভৰ অসম আঁচনিৰ বাবে বাছনি হোৱা হিতাধিকাৰীসকলক ৰাজ্যৰ বিভিন্ন অঞ্চলত প্ৰশিক্ষণৰ ব্যৱস্থা কৰা হৈছে। সেই অনুসৰি বজালীৰ ভট্টদেৱ বিশ্ববিদ্যালয়ত আজি অনুষ্ঠিত প্ৰশিক্ষণ শিবিৰত খাদ্য, ৰাজহুৱা বিতৰণ তথা গ্ৰাহক পৰিক্ৰমা বিভাগৰ মন্ত্ৰী ৰঞ্জিত কুমাৰ দাস উপস্থিত থাকি হিতাধিকাৰীসকলৰ সৈতে মত বিনিময় কৰাৰ লগতে তেওঁলোকক দিহা-পৰামৰ্শ আগবঢ়ায়। মন্ত্ৰীগৰাকীয়ে লগতে হিতাধিকাৰীসকলক একোজন সফল উদ্যোগী হ'বলৈ শুভেচ্ছা জ্ঞাপন কৰে। গোলঘাট জিলাতো নির্বাচিত তথা পঞ্জীকৃত প্রার্থীসকলক জিলা উদ্যোগ আৰু বাণি...