December 8, 2025 8:02 PM

views 16

কাছাৰত মন্ত্ৰী ৰণজিত কুমাৰ দাসৰ উচ্চ পৰ্যায়ৰ পৰ্যালোচনা বৈঠক

পঞ্চায়ত আৰু গ্ৰামোন্নয়ন মন্ত্ৰী ৰণজিত কুমাৰ দাসে কাছাৰ জিলাত চলি থকা সকলো উন্নয়নমূলক কাম-কাজ ৬০ৰ পৰা ৭৫ দিনৰ ভিতৰত সম্পূৰ্ণ কৰিবলৈ নিৰ্দেশ দিছে। আজি কাছাৰ জিলাৰ উপায়ুক্তৰ কার্যালয়ত গ্রাম্য উন্নয়ন ত্বৰান্বিত কৰাৰ উদ্দেশ্যে এখন উচ্চ পৰ্যায়ৰ পৰ্যালোচনা বৈঠকত ভাগ লৈ মন্ত্ৰীগৰাকীয়ে এই নির্দেশ দিয়ে। বৈঠকখনত শিলচৰৰ বিধায়ক দীপায়ন চক্ৰৱৰ্তী, উদাৰবন্দৰ বিধায়ক মিহিৰকান্তি সোম, ধলাইৰ বিধায়ক নিহাৰ ৰঞ্জন দাস, কাছাৰ জিলা পৰিষদৰ সভাপতি কংকন নাৰায়ণ শিকদাৰৰ লগতে জিলা প্ৰশাসনৰ কেইবাগৰাকীও শীর্ষ বিষয়...