October 3, 2025 7:02 PM

views 27

পাঠশালাৰ ছহিদ মদন ৰাউতা মহকুমা অসামৰিক চিকিৎসালয়ত বিনামূলীয়া ডায়েলাইছিছ কেন্দ্ৰ মুকলি

মন্ত্ৰী ৰণজিৎ কুমাৰ দাসে আজি বজালী জিলাৰ পাঠশালাৰ ছহিদ মদন ৰাউতা মহকুমা অসামৰিক চিকিৎসালয়ত প্রধানমন্ত্ৰী ৰাষ্ট্ৰীয় ডায়েলাইছিছ প্ৰকল্পৰ অধীনত বিনামূলীয়া ডায়েলাইছিছ কেন্দ্ৰ মুকলি কৰে। ভাষণ প্ৰসংগত তেওঁ কয়, যে দেশৰ আগশাৰীৰ চিকিৎসালয় এপল'ৰ সৈতে ৰাজ্য চৰকাৰে কৰা চুক্তি অনুসৰি স্বাস্থ্যখণ্ডত ডায়েলাইছিছৰ ব্যৱস্থা কৰা হৈছ। চাহ-মিঠাইৰ নামত ৰোগীৰ পৰা কেন্দ্ৰটোত কৰ্মৰত চিকিৎসক, কৰ্মচাৰীয়ে যাতে এটকাও নলয় তাৰ বাবে তেওঁ সকিয়াই দিয়ে। উল্লেখযোগ্য যে, এই কেন্দ্ৰটোত এতিয়াৰ পৰা প্ৰতিদিনে ১২ গৰাকীকৈ ব্...

April 2, 2025 1:31 PM

views 18

অহা ১ জুলাইৰ পৰা ৰাজ্যৰ ক্ষুদ্ৰ কৃষক আৰু দুগ্ধ বিক্ৰেতাই কোনো ধৰণৰ খাজনা দিব নালাগে বুলি ৰণজিৎ কুমাৰ দাসৰ প্ৰকাশ

অহা ১ জুলাইৰ পৰা ৰাজ্যৰ ক্ষুদ্ৰ কৃষক আৰু দুগ্ধ বিক্ৰেতাই কোনো ধৰণৰ খাজনা দিব নালাগে বুলি পঞ্চায়ত আৰু গ্ৰামোন্নয়ন মন্ত্ৰী ৰণজিৎ কুমাৰ দাসে কালি তেজপুৰত প্ৰকাশ কৰে। তেওঁ কয়, যে কৰ কাটল নিদিয়াকৈ গ্ৰামাঞ্চলত ক্ষুদ্র কৃষকৰ লগতে দুগ্ধ পামৰ সৈতে জড়িতসকলে গ্ৰামাঞ্চলৰ বজাৰত নিজৰ উৎপাদিত সামগ্রী বিক্রি কৰিব পাৰিব। তদুপৰি গ্ৰামাঞ্চলৰ আৰ্থ-সামাজিক দিশটো উন্নত কৰিবলৈ অৰাজনৈতিকভাৱে পঞ্চায়ত গঠনত তেওঁ গুৰুত্ব আৰোপ কৰে। কোনো ৰাজনৈতিক দলৰ প্ৰাৰ্থীত্ব আৰু দলীয় প্রতীকচিহ্ন অবিহনে হ'বলগীয়া পঞ্চায়ত নিৰ্বাচনত...

December 21, 2024 7:20 PM

views 24

অসম পৰ্যটন উন্নয়ন নিগমৰ দ্বাৰা ৰূপায়িত আঁচনিসমূহৰ পর্যালোচনা ৰণজিৎ‍ কুমাৰ দাসৰ

ৰাজ্যখনলৈ অহা দেশী-বিদেশী পৰ্যটকসকলৰ সুবিধা হোৱাকৈ পৰ্যটক গৃহ বা হোম ষ্টে সমূহৰ বাবে মান সম্পন্ন বিধি যুগুত কৰিবলৈ পৰ্যটন বিভাগক বিভাগীয় মন্ত্ৰী ৰণজিৎ‍ কুমাৰ দাসে নিৰ্দেশ দিছে। তদুপৰি পৰ্যটন ক্ষেত্ৰত বৰ্তমানে ৰূপায়ণ হৈ থকা বিভিন্ন প্ৰকল্পৰ কাম বিভিন্ন সময়ত সম্পূৰ্ণ কৰিবলৈও তেওঁ নিৰ্দেশ দিয়ে। মন্ত্ৰীগৰাকীয়ে আজি দায়িত্ব গ্ৰহণ কৰাৰ পাছত প্ৰথমবাৰৰ বাবে বিভাগৰ অধীনৰ পৰ্যটন সঞ্চালকালয় আৰু অসম পৰ্যটন উন্নয়ন নিগমৰ দ্বাৰা ৰূপায়িত আঁচনিসমূহৰ কামকাজ পর্যালোচনা কৰে। তেওঁ বিভাগীয় বিষয়াসকলক ৰাজ্যখন...

December 18, 2024 8:36 PM

views 25

বঙাইগাঁওৰ অভয়াপুৰী সামূহিক স্বাস্থ্য কেন্দ্ৰত ডায়েলেছিছ কেন্দ্র আনুষ্ঠানিকভাৱে উদ্বোধন

ৰাজ্যত ২০১৯ চনৰ পৰা মুঠ ২৫ হাজাৰ ২৪৭গৰাকী বৃক্ক ৰোগীয়ে বিনামূলীয়াকৈ ডায়েলেছিছৰ সুবিধা লাভ কৰিছে। এই ৰোগীসকলক বৰ্তমানলৈকে ৭ লাখ ৪৫ হাজাৰৰো অধিক বাৰ ডায়েলেছিছ কৰা হৈছে। চৰকাৰে বৰ্ধিত ডায়েলেছিছ ৰোগীৰ সংখ্যালৈ চাই বিভিন্ন অসামৰিক চিকিৎসালয়ত ডায়েলেছিছ সেৱাও আৰম্ভ কৰিছে। বঙাইগাঁও জিলাৰ অভিভাৱক মন্ত্ৰী ৰঞ্জিত কুমাৰ দাসে আজি অভয়াপুৰী সামূহিক স্বাস্থ্য কেন্দ্ৰত এপল' মেনেজমেণ্টৰ সহযোগত স্থাপন কৰা এটা ডায়েলেছিছ কেন্দ্র আনুষ্ঠানিকভাৱে উদ্বোধন কৰি এই কথা প্ৰকাশ কৰে। এই কেন্দ্ৰটোত প্ৰতি দিন ৯ গৰাকীকে...

September 11, 2024 8:01 PM

views 39

অসম ৰাইচ মিলাৰ এছ’চিয়েচনৰ প্ৰতিনিধিৰ সৈতে ৰঞ্জিত কুমাৰ দাসৰ বৈঠক

গুৱাহাটী মহানগৰীত দিছপুৰৰ জনতা ভৱনত মন্ত্ৰী ৰঞ্জিত কুমাৰ দাসে আজি অসম ৰাইচ মিলাৰ এছ'চিয়েচনৰ প্ৰতিনিধিৰ সৈতে এখন বৈঠকত অংশ লয়। বৈঠকত অসম ৰাইচ মিলাৰ এছ'চিয়েচনৰ প্ৰতিনিধিসকলে তেওঁলোকে সন্মুখীন হৈ অহা বিভিন্ন সমস্যা সম্বলিত আবেদন মন্ত্ৰীগৰাকীৰ হাতত অৰ্পণ কৰাৰ লগতে সমস্যা সমাধানৰ বাবে পদক্ষেপ গ্ৰহণ কৰিবলৈ আহ্বান জনায়। মন্ত্ৰীগৰাকীয়ে তেওঁলোকৰ এই সমস্যাসমূহ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ সৈতে আলোচনা কৰা হ'ব বুলি আশ্বাস দিয়াৰ লগতে বিভাগীয়ভাৱে পদক্ষেপ গ্ৰহণ কৰা হ'ব বুলি প্ৰকাশ কৰে।

August 31, 2024 6:18 PM

views 18

পাটাছাৰকুছিত ১ কোটি ৩৯ লাখ টকা ব্যয় সাপেক্ষে নিৰ্মাণ কৰা ৬টাকৈ উন্নয়নমূলক কামৰ উদ্বোধন মন্ত্ৰী ৰণজিত কুমাৰ দাসৰ

পঞ্চায়ত আৰু গ্ৰামোন্নয়ন বিভাগৰ মন্ত্ৰী ৰণজিত কুমাৰ দাসে আজি বজালী জিলাৰ পাটাছাৰকুছিত এক কোটি ৩৯ লাখ টকা ব্যয় সাপেক্ষে নিৰ্মাণ কৰা ৬টাকৈ উন্নয়নমূলক কামৰ উদ্বোধন কৰে। মন্ত্ৰীগৰাকীয়ে নৰ্থ কামৰূপ মহাবিদ্যালয়ৰ আৱাসিক গৃহ, পাঠশালা হাইস্কুলৰ শ্ৰেণীকোঠা, ডিজিটেল পুথিভঁৰাল উদ্বোধন কৰে। মন্ত্ৰী শ্ৰী দাসে লগতে শ্বহীদ অক্ষেন্দ্র উচ্চ মাধ্যমিক বিদ্যালয়, ৰিহাবাৰী উচ্চতৰ মাধ্যমিক বিদ্যালয় আৰু পাটাছাৰকুছি হাইস্কুলত ডিজিটেল পুথিভঁৰাল উদ্বোধন কৰে।

August 8, 2024 12:12 PM

views 31

আলুৰ দাম বৃদ্ধিৰ প্ৰসংগত ৰাজ্যৰ খাদ্য, ৰাজহুৱা বিতৰণ আৰু গ্ৰাহক পৰিক্ৰমা বিভাগে কেন্দ্ৰ তথা পশ্চিমবংগ চৰকাৰৰ সৈতে যোগাযোগ অব্যাহত

অসমত হোৱা আলুৰ দাম বৃদ্ধিৰ প্ৰসংগত ৰাজ্যৰ খাদ্য, ৰাজহুৱা বিতৰণ আৰু গ্ৰাহক পৰিক্ৰমা বিভাগে কেন্দ্ৰ তথা পশ্চিমবংগ চৰকাৰৰ সৈতে যোগাযোগ অব্যাহত ৰাখিছে। কালি বিভাগীয় মন্ত্ৰী ৰণজিত কুমাৰ দাসে এই কথা জানিবলৈ দিয়ে। পশ্চিমবংগৰ আলুসমূহ অসমত প্ৰৱেশ কৰিবলৈ নিদিয়াৰ বাবে আলুৰ দাম বৃদ্ধি হোৱা সন্দৰ্ভত দেখা দিয়া সমস্যাৰ ওৰ পেলাবলৈ কালি মন্ত্ৰীগৰাকীৰ অধ্যক্ষতাত এখন সভাও অনুষ্ঠিত হয়। সভাত সংশ্লিষ্ট বিভাগীয় বিষয়াসকলৰ লগতে কামৰূপ চেম্বাৰ অৱ কমাৰ্চৰ বিষয়ববীয়া তথা আলু আৰু পিঁয়াজ ব্যৱসায়ী সংস্থা, কামৰূপ মহা...

August 7, 2024 8:15 PM

views 31

পশ্চিমবংগৰ আলু অসমত প্ৰৱেশ কৰিবলৈ নিদিয়াৰ বাবে দেখা দিয়া মূল্যবৃদ্ধিৰ সমস্যাৰ সমাধানৰ বাবে মন্ত্ৰী ৰণজিৎ‍ কুমাৰ দাসৰ অধ্যক্ষতাত বৈঠক

পশ্চিমবংগৰ আলু অসমত প্ৰৱেশ কৰিবলৈ নিদিয়াৰ বাবে দেখা দিয়া মূল্যবৃদ্ধিৰ সমস্যা ওৰ পেলোৱাৰ উদ্দেশ্যে গ্ৰাহক পৰিক্ৰমা, খাদ্য আৰু ৰাজহুৱা বিতৰণ বিভাগৰ মন্ত্ৰী ৰণজিৎ‍ কুমাৰ দাসৰ অধ্যক্ষতাত আজি বৈঠক অনুষ্ঠিত হয়। বিষয়টো সন্দৰ্ভত মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ লগতে গ্রাহক পৰিক্ৰমা খাদ্য আৰু ৰাজহুৱা বিতৰণ বিভাগেও কেন্দ্ৰীয় চৰকাৰ আৰু পশ্চিমবংগ চৰকাৰৰ সৈতে যোগাযোগ ৰক্ষা কৰি আছে বুলি মন্ত্ৰীগৰাকীয়ে প্ৰকাশ কৰে।

August 2, 2024 5:48 PM

views 28

বজালীৰ মৰীপুৰত প্রাথমিক স্বাস্থ্য কেন্দ্ৰ পথৰ উদ্বোধন মন্ত্ৰী ৰঞ্জিত কুমাৰ দাসৰ

পঞ্চায়ত আৰু গ্ৰামোন্নয়ন মন্ত্ৰী ৰঞ্জিত কুমাৰ দাসে আজি বজালীৰ মৰীপুৰত পঞ্চদশ বিত্তীয় আয়োগৰ পুঁজিৰে নির্মিত নিত্যানন্দ খণ্ড প্রাথমিক স্বাস্থ্য কেন্দ্ৰ পথটো উদ্বোধন কৰে। তেওঁ লগতে বৰবাং গাঁও পঞ্চায়তৰ গোঁসাইপাৰাত মহাত্মা গান্ধী এনৰেগাৰ অধীনত নিৰ্মিত পথটোৰ উদ্বোধন কৰে। মন্ত্ৰীগৰাকীয়ে লগতে নিত্যানন্দ খণ্ড প্রাথমিক চিকিৎসালয় পৰিদৰ্শন কৰি চিকিৎসক, স্বাস্থ্যকৰ্মী আৰু ৰোগীসকলৰ লগত মত-বিনিময় কৰে আৰু তেওঁলোকৰ পৰা চিকিৎসালয়খনৰ স্বাস্থ্যসেৱা ব্যৱস্থাৰ লগতে বিভিন্ন অভাৱ-অভিযোগৰ বুজ লয়।

July 22, 2024 6:59 PM

views 19

বঙাইগাঁও আৰু বিশ্বনাথ জিলাত আজি সুলভ মূল্যৰ দোকানত চাউল বিতৰণ প্রক্রিয়াৰ শুভাৰম্ভ

খাদ্য আৰু অসামৰিক যোগান মন্ত্রী ৰণজিৎ কুমাৰ দাসৰ উপস্থিতিত আজি বঙাইগাঁও আৰু বিশ্বনাথ জিলাত ৰাজ্যত উৎপাদিত ধানৰ পৰা সুলভ মূল্যৰ দোকানত চাউল বিতৰণ প্রক্রিয়াৰ শুভাৰম্ভ কৰা হয়। তেওঁ বঙাইগাঁৱৰ অসম ৰাজ্যিক পন্যাগাৰ নিগমৰ ভঁৰালগৃহ চৌহদত বিকেন্দ্রীকৃত শস্য সংগ্রহ কেন্দ্র মুকলি কৰে। এতিয়াৰে পৰা জিলাখনত কৃষকসকলৰ পৰা উপযুক্ত মূল্যত ক্রয় কৰা চাউল এই কেন্দ্রটোত মজুত কৰি ৰখা হ'ব। পৰৱৰ্তী সময়ত ইয়াৰ পৰাই স্থানীয় পাইকাৰী, গ্রাহক সমবায় সমিতিৰ জৰিয়তে সুলভ মূল্যৰ দোকানসমূহক যোগান ধৰা হ'ব। মুখ্যমন্ত্রী হিমন্ত বিশ্ব ...