November 11, 2025 7:43 PM

views 25

ৰঞ্জী ট্ৰফীৰ এলীট-চি গ্ৰুপৰ অসম আৰু ত্ৰিপুৰাৰ মাজৰ খেলখন অসীমাংসিতভাৱে সামৰণি

আগৰতলাৰ মহাৰাজা বীৰ বিক্ৰম ষ্টেডিয়ামত অনুষ্ঠিত ৰঞ্জী ট্ৰফীৰ এলীট-চি গ্ৰুপৰ অসম আৰু ত্ৰিপুৰাৰ মাজৰ খেলখন অসীমাংসিতভাৱে সামৰণি পৰিছে। আজি খেলখনৰ চতুৰ্থ তথা অন্তিম দিনা অসমে দ্বিতীয় ইনিছংত ৭ উইকেটৰ বিনিময়ত ৩৬৭ ৰাণ সংগ্ৰহ কৰা অৱস্থাত খেলখনৰ সামৰণি পৰে। খেলখনৰ পৰা অসমে ১ পইণ্ট সংগ্ৰহ কৰে। অসমৰ হৈ ডেনিছ দাসে ১০৩ আৰু শিৱশংকৰ ৰয়ে অপৰাজিত ১০১ ৰাণ সংগ্ৰহ কৰে। এলীট চি গ্ৰুপত অসমে এতিয়ালৈকে তিনিখন খেলৰ পৰা ৪ পইণ্ট সংগ্ৰহ কৰি গ্ৰুপৰ সপ্তম স্থানত আছে। খেলখনৰ চূড়ান্ত স্কৰসমূহ - ত্ৰিপুৰা প্ৰথম ইনিংছ - ৭ উ...

October 2, 2024 8:24 PM

views 13

ৰঞ্জী ট্ৰফীৰ প্ৰথমখন খেলৰ বাবে ৰাজ্যিক দলৰ খেলুৱৈৰ লগতে সহায়কসকলৰ নাম ঘোষণা

অহা ১১ অক্টোবৰৰ পৰা গুৱাহাটীৰ বৰ্ষাপাৰাৰ এ চি এ ষ্টেডিয়ামত ঝাৰখণ্ডৰ বিৰুদ্ধে হ'বলগীয়া ৰঞ্জী ট্ৰফীৰ প্ৰথমখন খেলৰ বাবে অসম ক্রিকেট সন্থাই ৰাজ্যিক দলৰ খেলুৱৈৰ লগতে সহায়কসকলৰ নাম ঘোষণা কৰিছে। ডেনিছ দাসৰ অধিনায়কত্বত গঠন কৰা এই দলটোত সুমিত ঘাড়ি গাউকাৰ আৰু ৰুহিনন্দন পেগুক উইকেট কীপাৰ হিচাপে ৰখা হৈছে। অসম ক্ৰিকেট সন্থাই প্ৰেছ বিজ্ঞপ্তিযোগে এই কথা প্ৰকাশ কৰিছে।