October 20, 2024 12:06 PM

views 12

ৰাজ্যৰ পঞ্চায়ত আৰু গ্ৰামোন্নয়ন মন্ত্ৰী তথা কৰিমগঞ্জ জিলাৰ অভিভাৱক মন্ত্ৰী ৰণজিৎ‍ কুমাৰ দাসৰ পর্যালোচনা বৈঠক

ৰাজ্যৰ পঞ্চায়ত আৰু গ্ৰামোন্নয়ন মন্ত্ৰী তথা কৰিমগঞ্জ জিলাৰ অভিভাৱক মন্ত্ৰী ৰণজিৎ‍ কুমাৰ দাসে কালি জিলাখন ভ্ৰমণ কৰি এখন পর্যালোচনা বৈঠকত মিলিত হয়। কৰিমগঞ্জৰ জিলা আয়ুক্তৰ কাৰ্যালয় সভাকক্ষত আয়োজিত এই বৈঠকত বিভাগী মুৰব্বীসকল উপস্থিত থাকে। বৈঠকত মন্ত্ৰীগৰাকীয়ে তৃণমূল পৰ্যায়ৰ বিভিন্ন উন্নয়নমূলক চৰকাৰী প্ৰকল্প ৰূপায়ণ আৰু কামকাজৰ অগ্ৰগতিৰ খতিয়ান লয়। বৈঠকৰ অন্তত এখন সংবাদমেল সম্বোধন কৰি তেওঁ জিলাখনত বিভিন্ন বিভাগৰ মাজত সমন্বয়ৰ জৰিয়তে উন্নয়নমূলক কামকাজসমূহ ৰূপায়ণ কৰাত গুৰুত্ব আৰোপ কৰে। মন্ত...