June 11, 2024 8:49 PM

views 30

পঞ্চায়ত আৰু গ্ৰামোন্নয়ন বিভাগৰ সৈতে চুক্তিবদ্ধ কৰ্মচাৰী পৰিষদৰ প্ৰতিনিধিৰে মন্ত্ৰী ৰণজিত কুমাৰ দাসৰ বৈঠক

পঞ্চায়ত আৰু গ্ৰামোন্নয়ন বিভাগৰ মন্ত্ৰী ৰণজিত কুমাৰ দাসে আজি বিভাগৰ সৈতে চুক্তিবদ্ধ কৰ্মচাৰী পৰিষদৰ প্ৰতিনিধিৰে এখন সভাত মিলিত হৈ তেওঁলোকৰ বিভিন্ন দাবী সন্দৰ্ভত বিতং আলোচনা কৰে। সভাত এই কৰ্মচাৰীসকলৰ দৰমহা বৃদ্ধি, প্ৰভিডেণ্ড ফাণ্ডৰ সুবিধা আদিকে ধৰি অন্যান্য সা-সুবিধা প্ৰদানৰ লগতে তেওঁলোকৰ কাৰ্যকাল ৬০ বছৰ পৰ্যন্ত নিয়মীয়াকৰণ কৰা আদি বিষয়সমূহৰ সন্দৰ্ভত চৰকাৰে গুৰুত্বসহকাৰে বিবেচনা কৰি আছে বুলি মন্ত্ৰীগৰাকীয়ে প্ৰকাশ কৰে।