July 19, 2024 11:45 AM

views 24

ৰাজ্যৰ জিলাসমূহত আলু-পিঁয়াজকে ধৰি সকলো অত্যাৱশ্যকীয় সামগ্ৰী যথেষ্ট পৰিমাণে মজুত আছেঃ মন্ত্ৰী ৰঞ্জিত কুমাৰ দাস

খাদ্য আৰু অসামৰিক যোগান তথা গ্ৰাহক পৰিক্ৰমা মন্ত্ৰী ৰঞ্জিত কুমাৰ দাসে জিলাসমূহত আলু-পিঁয়াজকে ধৰি সকলো অত্যাৱশ্যকীয় সামগ্ৰী যথেষ্ট পৰিমাণে মজুত আছে বুলি প্ৰকাশ কৰিছে। বহিঃৰাজ্যৰ পৰা আলু আৰু পিঁয়াজ কঢ়িওৱা বাহনসমূহ পশ্চিমবংগৰ মাজেৰে অসমত প্ৰৱেশ কৰিব পৰা নাই বুলি সংবাদ মাধ্যমযোগে বাতৰি প্ৰচাৰ হোৱাৰ বিষয়ে উল্লেখ কৰি তেওঁ কয় যে কেৱল সাময়িক ভাৱেহে এনে হৈছিল। এই বাতৰিৰ অজুহাতত খুচুৰা বা পাইকাৰী ব্যৱসায়ীসকলক অত্যাৱশ্যকীয় সামগ্ৰীৰ মূল্য বৃদ্ধি নকৰিবলৈ তেওঁ আহ্বান জনায়। এই সন্দৰ্ভত জিলা আয়ুক্তসক...