August 26, 2024 8:43 PM

views 13

ডিফুত খাদ্য, ৰাজহুৱা বিতৰণ আৰু গ্ৰাহক পৰিক্ৰমা বিভাগৰ জ্যেষ্ঠ বিষয়াৰ সৈতে মন্ত্ৰী ৰঞ্জিত কুমাৰ দাসৰ বৈঠক

পঞ্চায়ত আৰু গ্ৰামোন্নয়ন বিভাগৰ মন্ত্ৰী ৰঞ্জিত কুমাৰ দাসে আজি কাৰ্বি আংলঙৰ ডিফুত বিভাগটোৰ লগতে খাদ্য, ৰাজহুৱা বিতৰণ আৰু গ্ৰাহক পৰিক্ৰমা বিভাগৰ জ্যেষ্ঠ বিষয়াসকলৰ সৈতে এখন পর্যালোচনা বৈঠকত অংশগ্ৰহণ কৰে। মন্ত্ৰীগৰাকীয়ে দুয়োটা বিভাগত কাম-কাজৰ বিষয়ে বিস্তৃতভাৱে আলোচনা কৰে। এই সভাত কাৰ্বি আংলং স্বায়ত্তশাসিত পৰিষদৰ মুখ্য কাৰ্যবাহী সদস্য তুলিৰাম ৰংহাঙৰ লগতে আন বহুকেইজন বিষয়ববীয়া উপস্থিত থাকে।