June 15, 2024 9:16 PM
23
বঙাইগাঁও জিলাৰ অভিভাৱক মন্ত্ৰী ৰণজিত কুমাৰ দাসৰ জিলা আয়ুক্তৰ কাৰ্যালয়ত চৰকাৰী বিভাগৰ মুৰব্বী বিষয়াৰে বৈঠক
ৰাজ্যৰ খাদ্য আৰু অসামৰিক যোগান মন্ত্ৰী তথা বঙাইগাঁও জিলাৰ অভিভাৱক মন্ত্ৰী ৰণজিত কুমাৰ দাসে আজি জিলা আয়ুক্তৰ কাৰ্যালয়ত বিভিন্ন চৰকাৰী বিভাগৰ মুৰব্বী বিষয়াসকলৰ সৈতে এখন বৈঠক অনুষ্ঠিত কৰি আঁচনিসমূহৰ কাম-কাজৰ পৰ্যালোচনা কৰে। এই বৈঠকত জিলাখনৰ আয়ুক্ত নৱদীপ পাঠকে মন্ত্ৰীগৰাকীক আঁচনিসমূহৰ বিভিন্ন দিশ সন্দৰ্ভত অৱগত কৰে। মন্ত্ৰীগৰাকীয়ে নিৰ্ধাৰিত সময়ত আৰু নিয়াৰিকৈ আঁচনিসমূহৰ কাম-কাজ সম্পন্ন কৰাৰ বাবে সংশ্লিষ্টসকলক আহ্বান জনায়।