May 28, 2025 9:16 PM May 28, 2025 9:16 PM

views 4

চিৰাঙত ৰূপায়িত হৈ থকা চৰকাৰী আঁচনিৰ কাম-কাজ সন্দৰ্ভত পর্যালোচনা বৈঠক

পঞ্চায়ত, গ্রামোন্নয়ন বিভাগৰ আৰু পৰ্যটন বিভাগৰ মন্ত্ৰী ৰণজিৎ কুমাৰ দাসে আজি চিৰাং জিলাত ৰূপায়িত হৈ থকা চৰকাৰী আঁচনিৰ কাম-কাজ সন্দৰ্ভত এখন পর্যালোচনা বৈঠকত অংশগ্ৰহণ কৰে। কাজলগাঁৱত থকা জিলা আয়ুক্তৰ কাৰ্যালয়ত অনুষ্ঠিত সভাত গ্রামোন্নয়ন অসম ৰাজ্যিক গ্রামীণ জীৱিকা অভিযানৰ লগতে পর্যটন বিভাগৰ কাম-কাজৰ অগ্ৰগতিৰ বিষয়ে আলোচনা কৰা হয়। জিলাখনত ৰূপায়ণ কৰিবলগীয়া আঁচনিসমূহৰ বিষয়েও মন্ত্ৰীগৰাকীয়ে বিভাগীয় মুৰব্বীসকলৰ সৈতে আলোচনা কৰে। নিৰ্ধাৰিত আঁচনিসমূহৰ ৰূপায়ণ সময়মতে কৰিবলৈ তেওঁ বিভাগীয় মুৰব্বীসকল...