April 9, 2025 3:48 PM

views 28

আজিৰেপৰা ৪ দিনীয়া কাৰ্যসূচীৰে পাঠশালাত অসমী ব’হাগী মেলা, ২০২৫

■ অসম ৰাজ্যিক গ্ৰামীণ জীৱিকা অভিযান, বজালী জিলাৰ উদ্যোগত আজিৰেপৰা অহা ১২ এপ্ৰিললৈ ৪ দিনীয়া কাৰ্যসূচীৰে পাঠশালাত অসমী ব’হাগী মেলা, ২০২৫ অনুষ্ঠিত হৈছে। পাঠশালাৰ বজালী উচ্চতৰ মাধ্যমিক বিদ্যালয় খেলপথাৰত আয়োজিত এই মেলাত জিলাখনৰ স্থানীয় মহিলা আত্মসহায়ক গোটৰ দ্বাৰা উৎপাদিত থলুৱা সামগ্ৰী, বস্ত্ৰ-শিল্প, পিঠা-লাৰু তথা বিভিন্ন সুস্বাদু খাদ্য সম্ভাৰ বিক্ৰীৰ ব্যৱস্থা কৰা হৈছে। মেলাথলীত প্ৰতিদিনে বিভিন্ন খেল-ধেমালি প্রতিযোগিতাৰ লগতে সাংস্কৃতিক সন্ধিয়াৰো আয়োজন কৰা হৈছে বুলি আমাৰ বজালীৰ সংবাদদাতাই জানিবল...

April 9, 2025 12:09 PM

views 24

ৰাজ্যৰ ভিন্ন প্ৰান্তত ৰঙালী বিহুৰ পাৰভঙা উৎসাহ-উদ্দীপনা

■ অসমীয়াৰ বাপতিসাহোন ৰঙালী বিহুলৈ মাজত মাথো কেইটামান দিন বাকী থকা অৱস্থাত ৰাজ্যৰ প্ৰান্তে প্রান্তে উলহ-মালহৰ পৰিৱেশে বিৰাজ কৰিছে। পঞ্চায়ত নিৰ্বাচনৰ প্ৰস্তুতিৰ মাজতে অসমবাসীয়ে উৎসাহ-উদ্দীপনা বজাই ৰাখি বিহু পালন কৰিবলৈ সাজু হৈছে। মহিলাসকলে বিহুৰ সময়ছোৱাত অতিথি আপ্যায়নৰ বাবে পিঠা-পনা, জা-জলপান যতনাই থোৱাৰ বাবে ঢেঁকীশালত ব্যস্ত হৈ পৰিছে। গ্ৰামাঞ্চলত জীয়ৰী-বোৱাৰীয়ে হেঁপাহৰ বিহুৱান বৈ-কাটি উলিয়াইছে। সমাগত ৰঙালী বিহু উপলক্ষে বিভিন্ন স্থানত কৰ্মশালা, বিপণী আদিৰ আয়োজন কৰা হৈছে। ডিব্ৰুগড় জিলাৰ ক...

April 9, 2025 1:07 AM

views 27

ফাঁচিবজাৰত হস্ততাঁত আৰু বস্ত্ৰ শিল্প বিভাগৰ অভিযানত ৬৫০ খন মেচিনত বোৱা গামোচা জব্দ

বহাগ বিহুলৈ কেইটামান দিন বাকী থকা অৱস্থাত হস্ততাঁত আৰু বস্ত্ৰ শিল্প বিভাগে আজি ফাঁচিবজাৰত অভিযান চলাই ৬৫০ খন মেচিনত বোৱা গামোচা জব্দ কৰে। গুৱাহাটীৰ উপৰি ৰাজ্যৰ আন দুটা স্থানত চলোৱা অভিযানতো বহিঃৰাজ্যৰ পৰা অহা বৃহৎ পৰিমাণৰ গামোচা জব্দ কৰা বুলি জানিব পৰা গৈছে।

April 19, 2024 8:16 PM

views 25

ৰাজ্যত সাদিনীয়া ৰঙালী বিহুৰ শেষৰ দিনটো চেৰা বা এৰা বিহু হিচাপে পালন

সাদিনীয়া ৰঙালী বিহুৰ আজি শেষৰ দিনটো চেৰা বা এৰা বিহু হিচাপে ৰাজ্যৰ বিভিন্ন প্ৰান্তত পালন কৰা হৈছে। এই উপলক্ষে বিভিন্ন স্থানত বিহু ভঙা আৰু পাৰ তোলা উৎসৱৰ আয়োজন কৰা হৈছে। কোনো ঠাইত এই উৎসৱ ভঠেলী নাইবা বাঁহ গোঁসাই উৎসৱ হিচাপেও পালন কৰা হয়। নামনি অসমত আজিৰ দিনটোত সাত বিধ শাক খোৱাৰ পৰম্পৰা নাইবা সাত শাকী পালন কৰা হয়। এই উপলক্ষে বিভিন্ন অঞ্চলত মহিলাসকলে সাত শাকী গীতো পৰিৱেশন কৰে। তদুপৰি চেৰা বিহুৰ পৰম্পৰা অনুসৰি দৈ আৰু পঁইতা ভাত খোৱা হয় আৰু বিচনীৰে জুৰ লোৱা হয়। এনেদৰে বিচনীৰে জুৰ ল'লে বছৰটোলৈ দে...

April 15, 2024 9:16 PM

views 30

ৰাজ্যৰ বিভিন্ন ঠাইত গোসাঁই বিহু, মুকলি বিহু, মঞ্চ বিহুকে ধৰি বৰ্ণাঢ্য সাংস্কৃতিক অনুষ্ঠানৰে ৰঙালী বিহু পালন

সাদিনীয়া ৰঙালী বিহুৰ তৃতীয় দিনটো আজি ৰাইজে পৰম্পৰাগতভাৱে গোসাঁই বিহু হিচাপে পালন কৰিছে। সেই অনুসৰি অসমৰ ৰাইজে ৰাজহুৱা নামঘৰ, সত্ৰ আদিত নাম-প্ৰসংগ কৰে। বটদ্ৰৱা, মাজুলী, আৰু বৰপেটা সত্ৰৰ উপৰি মঠ-মন্দিৰ, দেৱালয়সমূহত ভক্তৰ সমাগম পৰিলক্ষিত হয়। গুৱাহাটী মহানগৰীৰ শক্তিপীঠ কামাখ্যা ধামৰ উপৰি অন্যান্য উপাসনা স্থানসমূহতো ভালেসংখ্যক ভক্তই ভিৰ কৰে। ইফালে, ৰাজ্যজুৰি বহাগ বিহুৰ আনন্দ উছাহ অব্যাহত আছে। উজনিৰ পৰা নামনিলৈ গাঁৱে ভূঞে, চহৰে নগৰে ঢোল, পেপাৰ শব্দ আৰু নাচনীৰ নাচোনৰ চেৱত উৎসৱমুখৰ পৰিবেশৰ সৃষ্টি হৈ...

April 9, 2024 12:33 PM

views 22

ৰঙালী বিহুলৈ মাজত মাথোঁ কেইটামান দিন বাকী, প্ৰাক ৰঙালীৰ ৰঙেৰে মুখৰ ৰাজ্যৰ চৌদিশ

হেঁপাহৰ ৰঙালী বিহুলৈ মাজত মাথোঁ কেইটামান দিন বাকী থকা অৱস্থাত প্ৰাক ৰঙালীৰ ৰঙেৰে ৰাজ্যৰ চৌদিশ মুখৰ হৈ পৰিছে। ৰঙালীক আদৰাৰ বাবে ৰাজ্যৰ প্ৰান্তে প্রান্তে ব্যাপক প্রস্তুতি চলিছে। ঠায়ে ঠায়ে বিহুৰ আখৰা চলি থকাৰ লগতে বিভিন্ন ঠাইত বিহুনাচ আৰু ঢোলবাদনৰ কৰ্মশালা অনুষ্ঠিত হৈছে। শোণিতপুৰ জিলাৰ গোৰ্খা গাঁও গংগাপুৰত জ্যোতি ভাৰতীৰ উদ্যোগত ৫ দিনীয়াকৈ বিহু কৰ্মশালা অনুষ্ঠিত হৈছে। এই কৰ্মশালাত এশতকৈ অধিক প্ৰশিক্ষাৰ্থীয়ে অংশগ্ৰহণ কৰিছে। ইফালে বিগত বৰ্ষৰ দৰে এইবাৰো ৰাজ্য চৰকাৰে ১০ বছৰ পুৰণি দুহেজাৰ ৩০৬ খন বিহু...

April 8, 2024 7:45 PM

views 22

ৰাজ্যৰ প্ৰান্তে প্রান্তে বিহুৰ প্ৰস্তুতিৰ বাবে অনুষ্ঠিত কৰ্মশালা, আখৰা আদি অন্তিম পৰ্যায়ত উপনীত

ঋতু পৰিৱৰ্তনৰ লগে লগে বসন্তৰ আগমনত চৌদিশ সতেজ হৈ উঠাৰ সময়তে অসমীয়াই পৰম্পৰাগত ৰীতি-নীতিৰে প্ৰাণৰ আপোন ৰঙালী বিহু পালনৰ বাবে সাজু হৈছে। এইবেলি নিৰ্বাচনী ব্যস্ততাৰ মাজতে অসমবাসীয়ে উৎসাহ-উদ্দীপনা বজাই ৰাখি বিহু পালন কৰিব। গ্রামাঞ্চলত জীয়ৰী-বোৱাৰীয়ে হেঁপাহৰ বিহুৱান বৈ-কাটি উলিয়াইছে। প্রযুক্তিয়ে পৰিৱৰ্তন সাধন কৰাৰ সময়তো গ্ৰামাঞ্চলৰ বহু ঠাইত ঢেঁকীৰ শব্দ শুনা গৈছে। মহিলাসকলে বিহুৰ সময়ছোৱাত অতিথি আপ্যায়নৰ বাবে পিঠা-পনা, জা-জলপান যতনাই থোৱাৰ বাবে ঢেঁকীশালত ব্যস্ত হৈ পৰিছে। ইয়াৰ বিপৰীতে ঢুলীয়া...

April 8, 2024 11:40 AM

views 27

ৰঙালী বিহুক আদৰাৰ বাবে ৰাজ্যৰ প্ৰান্তে প্রান্তে ব্যাপক প্রস্তুতি, বিভিন্ন কৰ্মশালাৰ আয়োজন

হেঁপাহৰ ৰঙালী বিহুলৈ মাজত আৰু মাত্ৰ কেইটামান দিন বাকী থকা অৱস্থাত প্ৰাক ৰঙালীৰ ৰঙেৰে ৰাজ্যৰ চৌদিশ মুখৰিত হৈ পৰিছে। ৰঙালীক আদৰাৰ বাবে ৰাজ্যৰ প্ৰান্তে প্রান্তে ব্যাপক প্রস্তুতি চলিছে। ঠায়ে ঠায়ে বিহুৰ আখৰা চলি থকাৰ লগতে বিভিন্ন ঠাইত বিহুনাচ আৰু ঢোলবাদনৰ কৰ্মশালা অনুষ্ঠিত হৈছে। মৰিগাঁও জিলা ছাত্ৰ সন্থাৰ অধীনৰ চৰাইবাহী আঞ্চলিক ছাত্ৰ সন্থাৰ উদ্যোগত এই বেলি ৫ দিনীয়াকৈ বিহু কৰ্মশালা অনুষ্ঠিত হৈছে। চৰাইবাহী ক্রীড়া সন্থাৰ খেলপথাৰত অনুষ্ঠিত এই কর্মশালাত প্রায় পাঁচ শতাধিক বিহুৱা আৰু নাচনীয়ে অংশগ্রহণ ক...

April 5, 2024 1:26 PM

views 18

ৰঙালীক আদৰাৰ বাবে ৰাজ্যৰ প্ৰান্তে প্রান্তে ব্যাপক প্রস্তুতি

◊ অসমীয়াৰ বাপতিসাহোন ৰঙালী বিহুলৈ মাজত আৰু মাথো কেইটামান দিন বাকী থকা অৱস্থাত ৰঙালীক আদৰাৰ বাবে ৰাজ্যৰ প্ৰান্তে প্রান্তে ব্যাপক প্রস্তুতি চলিছে। ঠায়ে ঠায়ে বিহুৰ আখৰা চলি থকাৰ লগতে বিহু নাচ আৰু ঢোল বাদনৰ কৰ্মশালাৰো আয়োজন কৰা হৈছে। হোজাইৰ দক্ষিণ কেন্দুগুৰি বৰনামঘৰৰ খেলপথাৰত শ্ৰীমন্ত শংকৰদেৱ কৃষ্টি বিকাশ সংঘৰ সৌজন্যত ৮ দিনীয়া কাৰ্যসূচীৰে বিহু নাচ আৰু ঢোল বাদনৰ কৰ্মশালা অনুষ্ঠিত হৈছে। টীয়কৰ ঔগুৰি খেলপথাৰতো ১০ দিনীয়াকৈ বিহু নাচ আৰু ঢোল বাদনৰ কৰ্মশালা অনুষ্ঠিত হৈছে। ৰাজ্যৰ কেইবাগৰাকীও অভিজ্ঞ প্...

April 3, 2024 8:27 PM

views 39

ৰাজ্যজুৰি বাপতিসাহোন ৰঙালী বিহুৰ প্ৰস্তুতি অব্যাহত

♦ অসমবাসীৰ বাপতিসাহোন ৰঙালী বিহুলৈ মাজত মাথোঁ ১০টা দিন বাকী থকা অৱস্থাত ৰাজ্যজুৰি জনসাধাৰণে বিহুৰ প্ৰস্তুতি অব্যাহত ৰাখিছে। ঠায়ে ঠায়ে বিহুৰ আখৰা চলি থকাৰ লগতে ৰাজ্যৰ বিভিন্ন ঠাইত বিহুনাচ আৰু ঢোলবাদনৰ কৰ্মশালাও অনুষ্ঠিত হৈছে। গুৱাহাটী মহানগৰীৰ বিভিন্ন স্থানতো বিহুৰ আখৰা চলি আছে। তদুপৰি মঞ্চবিহু উদযাপনৰ বাবে বিভিন্ন ঠাইত আয়োজক সমিতিসমূহে প্রস্তুতি চলাইছে। মৰিগাঁও জিলাৰ জাগীৰোডত এইবেলিও বিহুনাচ আৰু ঢোলবাদনৰ সাতদিনীয়া কৰ্মশালা অনুষ্ঠিত হৈছে। এই কর্মশালাত অর্ধ শতাধিক শিশু আৰু কিশোৰ-কিশোৰীয়ে অংশ ...