August 31, 2024 12:28 PM

views 36

ৰাষ্ট্ৰীয় খাদ্য সুৰক্ষা আইনৰ অধীনত ২,৫২,১৮,০০০তকৈ অধিক হিতাধিকাৰী অন্তৰ্ভুক্তিৰ লক্ষ্য

ৰাষ্ট্ৰীয় খাদ্য সুৰক্ষা আইনৰ অধীনত খাদ্য, গ্রাহক পৰিক্ৰমা বিভাগৰ মন্ত্ৰী ৰঞ্জিত কুমাৰ দাসৰ নেতৃত্বত ২ কোটি ৫২ লাখ ১৮ হাজাৰতকৈ অধিক লোকক হিতাধিকাৰীৰ অন্তৰ্ভুক্ত কৰাৰ লক্ষ্য নিৰ্ধাৰণ কৰা হৈছে। ইতিমধ্যে বিভাগে ২ কোটি ৩১ লাখ ৯৭ হাজাৰ ৬০৮ গৰাকী হিতাধিকাৰী অন্তৰ্ভুক্তি সম্পন্ন কৰিছে। আনহাতে, ২০ লাখ ২০ হাজাৰ ৩৯৪ জন লোকক সামৰি লোৱাৰ ব্যৱস্থা অব্যাহত আছে। ৰাষ্ট্ৰীয় খাদ্য সুৰক্ষা আইনৰ অধীনত মুঠ ৬৬ লাখ ৮৬ হাজাৰ ৮৪৫ খন ৰেচন কাৰ্ড প্ৰদান কৰি সেই অনুসাৰে চাউল আবণ্টন দিয়া হৈছে বুলিও বিভাগীয় সূত্ৰত প্ৰকাশ প...