July 23, 2024 7:37 PM

views 24

ৰমেন বৰুৱাৰ সন্ধান বিচাৰি মহানগৰ আৰক্ষীৰ ভিন্ন প্রান্তত অভিযান অব্যাহত

যশস্বী সংগীত পৰিচালক ৰমেন বৰুৱাৰ সন্ধান বিচাৰি মহানগৰ আৰক্ষীয়ে ভিন্ন প্রান্তত অভিযান অব্যাহত ৰাখিছে। গুৱাহাটী উচ্চ ন্যায়ালয়ৰ পিছফালৰ ব্ৰহ্মপুত্ৰ নৈত এছ ডি আৰ এফ আৰু এন ডি আৰ এফ বাহিনীয়ে শ্ৰীবৰুৱাৰ সন্ধানত অভিযান চলায়। অৱশ্যে এইপর্যন্ত সংগীত পৰিচালকগৰাকীৰ শুংসূত্ৰ ওলোৱা নাই। উল্লেখযোগ্য যে কালিৰ পৰাই বিশিষ্ট সংগীত পৰিচালকগৰাকী সন্ধানহীন হৈ আছে। ২৪ ঘণ্টা উকলি যোৱাৰ পাছতো বৰুৱাৰ সন্ধান নোলোৱাক লৈ আত্মীয়-স্বজনৰ লগতে শুভাকাংক্ষীসকল উদ্বিগ্ন হৈ পৰিছে ।

July 23, 2024 10:15 AM

views 39

বিশিষ্ট সংগীত পৰিচালক ৰমেন বৰুৱা সন্ধানহীন

বিশিষ্ট সংগীত পৰিচালক ৰমেন বৰুৱা কালি পুৱাৰে পৰা সন্ধানহীন হৈ আছে। লতাশিলৰ ঘৰৰ পৰা ওচৰৰে গণেশ মন্দিৰলৈ বুলি দিনৰ প্ৰায় ১০ বজাত বর্ষিয়ান শিল্পীগৰাকী ওলাই গৈছিল। দুপৰীয়া পৰ্যন্ত উভতি নহাত পৰিয়ালৰ লোকে বিচাৰ- খোচাৰ কৰে যদিও কোনো সন্ধান উলিয়াব পৰা নাই। ইফালে শিল্পীগৰাকীৰ ম'বাইল ফোনটো ছুইটছ অফ হৈ থকা বুলি জানিব পৰা গৈছে। উদ্বিগ্ন পৰিয়ালে এই সন্দৰ্ভত লতাশিল থানাত এখন এজাহাৰ দাখিল কৰিছে। ইফালে মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাই গুৱাহাটীৰ আৰক্ষী আয়ুক্ত দিগন্ত বৰাক ৰমেন বৰুৱাৰ সন্ধানৰ ক্ষেত্ৰত কো...