May 27, 2024 12:21 PM May 27, 2024 12:21 PM
9
ৰেমল ঘূৰ্ণীবতাহৰ ফলত কলকাতাকে ধৰি দক্ষিণ বংগৰ সকলো জিলাতে ধুমুহা আৰু প্ৰবল বৃষ্টিপাত
বংগোপ সাগৰত নিম্ন চাপ সৃষ্টিৰ ফলত উৎপত্তি হোৱা ৰেমল ঘূর্ণীবতাহজাকে কালি নিশা চাৰে ১০ বজাৰ পৰা চাৰে ১২ বজাৰ ভিতৰত সমুদ্র তীৰত খুন্দা মাৰে। আলিপুৰ ক্ষেত্ৰ ঘূৰ্ণীবতাহ সতৰ্ক কেন্দ্ৰৰ মুৰববী হাবিবুৰ বহমান বিশ্বাসে এই কথা প্রকাশ কৰিছে। এই ঘূর্ণীবতাহজাক আৰু কিছু সময়লৈ উত্তৰ দিশলৈ গতি কৰিব আৰু ইয়াৰ পাছত উত্তৰ-উত্তৰ-পূব দিশলৈ গতি কৰি লাহে লাহে ইয়াৰ প্ৰকোপ সাম কাটিব। কালি নিশা প্ৰায় চাৰে ৮ বজাত প্ৰতিঘণ্টাত ১১০ৰ পৰা ১২০ কিলোমিটাৰ বেগেৰে ঘূৰ্ণীবতাহজাক বাংলাদেশৰ খেপোপাৰা আৰু পশ্চিমবংগৰ সাগৰ দ্বীপপুঞ্জত প...