December 22, 2025 10:05 PM

views 24

সমগ্র দেশতে আজি ৰাষ্ট্ৰীয় গণিত দিৱস উদযাপন

ভাৰতৰ বিশিষ্ট তথা সমগ্ৰ বিশ্বতে স্বীকৃত এগৰাকী গণিতজ্ঞ শ্রীনিবাস ৰামানুজনৰ জয়ন্তী উপলক্ষে সমগ্র দেশতে আজি ৰাষ্ট্ৰীয় গণিত দিৱস উদযাপন কৰা হৈছে। বৈজ্ঞানিক প্ৰগতি আৰু দৈনন্দিন জীৱন যাত্ৰাত গণিতৰ গুৰুত্বৰ দিশটোত আলোকপাত কৰি শিক্ষানুষ্ঠান, গৱেষণা প্ৰতিষ্ঠান আৰু শৈক্ষিক মঞ্চসমূহত গণিতৰ এই দিৱস ব্যাপকভাৱে আয়োজন কৰা হৈছে। গণিতৰ ক্ষেত্ৰখনলৈ ৰামানুজনে আগবঢ়োৱা অসামান্য অৱদানৰ বাবে ভাৰত চৰকাৰে ২০১১ চনত প্ৰতি বছৰে ২২ ডিচেম্বৰ দিনটো গণিত দিৱস হিচাপে পালনৰ সিদ্ধান্ত গ্ৰহণ কৰিছিল। ইয়াৰ পৰৱৰ্তী বৰ্ষটোত অর্থ...