March 2, 2025 12:19 PM

views 11

ইছলাম ধৰ্মাৱলম্বী লোকসকলৰ পৱিত্ৰ ৰমজান মাহ আৰম্ভ

ইছলাম ধৰ্মাৱলম্বী লোকসকলৰ পৱিত্ৰ ৰমজান মাহ আজি আৰম্ভ হৈছে। কেন্দ্ৰীয় হিলাল সমিতিৰ তথ্য অনুসৰি আজি প্ৰথম দিনটোত গুৱাহাটীৰ বাবে চেহেৰীৰ সময় পুৱা ৪ বাজি ৩০ মিনিট, ইফতাৰৰ সময় আবেলি ৫ বাজি ২৫ মিনিট, মৰিগাঁও আৰু জাগীৰোডৰ বাবে চেহেৰীৰ সময় পুৱা ৪ বাজি ২৭ মিনিট, ইফতাবৰ সময় আবেলি ৫ বাজি ২২ মিনিট, নগাঁও আৰু তেজপুৰৰ বাবে চেহেৰীৰ সময় পুৱা ৪ বাজি ২৬ মিনিট আৰু ইফতাৰৰ সময় আবেলি ৫ বাজি ২১ মিনিট ধাৰ্য কৰা হয়। এই বেলি ধাৰ্য কৰা ফিতৰাৰ পৰিমাণ হ'ল এহেজাৰ ৬৩৩ গ্রাম ঘেঁহু বা তাৰ মূল্য। গোৱালপাৰা জিলাতো ইছলাম ধ...