April 6, 2025 8:51 PM

views 17

ৰাম নৱমী উপলক্ষে ৰাষ্ট্ৰপতি শ্ৰীমতী দ্রৌপদী মুৰ্মুৰ দেশবাসীক ওলগ

দেশৰ বিভিন্ন অংশত আজি ধৰ্মীয় ৰীতি-নীতি আৰু উৎসাহ উদ্দীপনাৰে ৰাম নৱমী উদযাপন কৰা হৈছে। এই উৎসৱ ভগৱান বিষ্ণুৰ সপ্তম অৱতাৰ শ্ৰী ৰামচন্দ্ৰৰ জন্মদিনৰ লগত সংগতি ৰাখি হিন্দু ধৰ্মাৱলম্বী লোকসকলে উদযাপন কৰি আহিছে। অযোধ্যাত উলহ-মালহেৰে ৰাম নৱমী উদযাপন কৰা হৈছে। ৰাষ্ট্ৰপতি শ্ৰীমতী দ্রৌপদী মুৰ্মুৱে ৰাম নৱমী উপলক্ষে দেশবাসীক ওলগ জনাইছে। ৰাষ্ট্ৰপতিগৰাকীয়ে এটা বার্তাযোগে কয়, যে ভগৱান ৰামৰ জীৱনে সত্য, ধৰ্ম আৰু ন্যায়ৰ পথ অনুসৰণ কৰাৰ অনুপ্ৰেৰণা দিয়ে।

April 6, 2025 1:30 PM

views 24

দেশৰ বিভিন্ন অংশত ধৰ্মীয় ৰীতি-নীতি আৰু উৎসাহ উদ্দীপনাৰে ৰাম নৱমী পালন

দেশৰ বিভিন্ন অংশত আজি ধৰ্মীয় ৰীতি-নীতি আৰু উৎসাহ উদ্দীপনাৰে ৰাম নৱমী পালন কৰা হৈছে। এই উৎসৱ ভগৱান বিষ্ণুৰ সপ্তম অৱতাৰ ভগৱান ৰামৰ জন্মদিনৰ সৈতে জড়িত। ৰাম নৱমীৰ পূৰ্বে ৯ দিন উপবাস ৰখা হয়। ৰাষ্ট্ৰপতি শ্ৰীমতী দ্রৌপদী মুৰ্মুৱে ৰাম নৱমী উপলক্ষে দেশবাসীক ওলগ জনাইছে। ৰাষ্ট্ৰপতিগৰাকীয়ে এটা বার্তাযোগে কৈছে, যে ভগৱান ৰামৰ জীৱনে আমাৰ সত্য, ধৰ্ম আৰু ন্যায়ৰ পথ অনুসৰণ কৰাৰ অনুপ্ৰেৰণা দিয়ে ৷ এই উৎসৱে নিষ্ঠা আৰু উৎসৰ্গাৰ মনোভাৱেৰে মানৱ জাতিৰ সেৱাৰ বাৰ্তা কঢ়িয়াই বুলিও ৰাষ্ট্ৰপতি মুৰ্মুৱে প্ৰকাশ কৰে। তেওঁ ...

April 17, 2024 8:11 PM

views 31

ৰামনৱমী উপলক্ষে অযোধ্যাৰ ৰাম মন্দিৰৰ ৰাম ললাৰ মূৰ্তিৰ কপালত সূৰ্য্য তিলক প্রজ্বলিত

ৰামনৱমী উপলক্ষে আজি দিনৰ ১২ বাজি ১৬ মিনিটত অযোধ্যাৰ ৰাম মন্দিৰৰ ৰাম ললাৰ মূৰ্তিৰ কপালত সূৰ্য্য তিলক প্রজ্বলিত কৰা হয়। আইনা আৰু লেন্স ব্যৱহাৰ কৰি এটা বিশেষ পদ্ধতিৰ জৰিয়তে সূৰ্য্য তিলক প্রজ্বলিত কৰা হৈছে। অযোধ্যাৰ ৰাম মন্দিৰত প্ৰাণ প্রতিষ্ঠা হোৱাৰ পাছৰে পৰা এইবেলি প্ৰথমবাৰৰ বাবে ৰামনৱমী উদযাপিত হৈছে। উল্লেখযোগ্য যে যোৱা ২২ জানুৱাৰীত আয়োজিত ৰাম মন্দিৰৰ প্ৰাণ প্রতিষ্ঠা উৎসৱত প্রধানমন্ত্ৰী নৰেন্দ্ৰ মোদী বিশেষভাৱে অংশগ্ৰহণ কৰিছে। আজি পুৱাৰ ভাগৰে পৰা ভগৱান ৰামৰ দৰ্শনৰ বাবে ভক্তৰ ভিৰ পৰিলক্ষিত হয়। ৰ...