March 23, 2025 6:58 PM

views 13

ড০ ৰাম মনোহৰ লোহিয়াৰ জয়ন্তীত প্রধানমন্ত্রী নৰেন্দ্র মোদীৰ শ্ৰদ্ধা জ্ঞাপন

প্রধানমন্ত্রী নৰেন্দ্র মোদীয়ে ড০ ৰাম মনোহৰ লোহিয়াৰ জয়ন্তীত আজি শ্ৰদ্ধা জ্ঞাপন কৰিছে। সামাজিক মাধ্যমৰ এটা বাৰ্তাত প্রধানমন্ত্রী শ্রীমোদীয়ে কয় যে ড০ লোহিয়া এগৰাকী দূৰদৰ্শী নেতা, এগৰাকী স্বাধীনতা যুঁজাৰু আৰু সামাজিক ন্যায়ৰ প্ৰতিমূৰ্তি আছিল। দেশৰ প্ৰতি তেওঁৰ অৱদানক সুঁৱৰি প্রধানমন্ত্রী শ্রীমোদীয়ে কয়, যে ড০ লোহিয়াই সমাজৰ অনুন্নত শ্ৰেণীক শক্তিশালী কৰি তোলাৰ লগতে এখন শক্তিশালী ভাৰত গঢ়াৰ লক্ষ্যত জীৱন উচৰ্গা কৰিছে।