November 7, 2025 11:15 AM

views 54

নাগাৰা নামৰ অন্যতম শিল্পী ৰামচৰণ ভড়ালীৰ দেহাৱসান

নাগাৰা নামৰ অন্যতম শিল্পী ৰামচৰণ ভড়ালীৰ যোৱানিশা নলবাৰী জিলাৰ কুমাৰীকাটাৰ নিজ বাসভৱনত দেহাৱসান ঘটে। মৃত্যুৰ সময়ত তেওঁৰ বয়স আছিল ৮৩ বছৰ। ১৯৬৭ চনতে তেওঁ নাগাৰা নামৰ দল আৰম্ভ কৰি অসমৰ বিভিন্ন স্থানত নাগাৰা নাম পৰিৱেশন কৰি আহিছিল। ১৯৮৫ চনত তেওঁৰ প্ৰথম নাগাৰা নামৰ কেছেটে মুক্তি লাভ কৰে আৰু সাধাৰণ লোকৰ মাজত অতি জনপ্ৰিয় হৈ পৰে। অসম চৰকাৰৰ শিল্পী পেঞ্চন লাভ কৰাৰ লগতে তেওঁ ২০১৭ চনত মোহন ভাইৰা শিল্পী বঁটাও লাভ কৰিছিল। ১০০ তকৈও অধিক নাগাৰা নামৰ দলক তেওঁ প্ৰশিক্ষণ দিছিল। তেওঁৰ মৃত্যুত বিভিন্ন অনুষ্ঠান-প...