February 22, 2025 12:19 PM

views 19

কংগ্ৰেছ সাংসদ ৰকিবুল হুছেইনক দুৰ্বৃত্তৰ আক্ৰমণৰ ঘটনাক লৈ ৰাজ্যজুৰি প্ৰতিবাদী কাৰ্যসূচী

কংগ্ৰেছ সাংসদ ৰকিবুল হুছেইনক দুৰ্বৃত্তই আক্ৰমণ কৰাৰ ঘটনাক লৈ ৰাজ্যজুৰি কংগ্ৰেছ কৰ্মীসকলে প্ৰতিবাদী কাৰ্যসূচী ৰূপায়ণ কৰিছে। বিভিন্ন স্থানত থকা দলীয় কার্যালয়ত দলীয় নেতা-কর্মীয়ে অৱস্থান ধৰ্মঘট কাৰ্যসূচী গ্ৰহণ কৰাৰ উপৰি প্ৰতিবাদী সমদলো উলিয়াই। গুৱাহাটীৰ ৰাজীৱ ভৱনত মহানগৰ জিলা কংগ্ৰেছৰ উদ্যোগত অনুষ্ঠিত প্ৰতিবাদী সভাত দলৰ প্ৰাক্তন সভাপতি ৰিপুন বৰা, জ্যেষ্ঠনেতা বলীন কুলী, নিপেন ঠাকুৰীয়া, ববিতা শৰ্মা, গোপাল শর্মা আদিয়ে অংশগ্রহণ কৰে। সাংসদগৰাকী আক্ৰমণৰ ঘটনাক গৰিহণা দি প্ৰদেশ কংগ্ৰেছৰ সভাপতি ভূপেন...