November 3, 2024 12:15 PM

views 13

ৰাজ্য চৰকাৰে মাজুলীৰ প্ৰতিখন ৰাস সমিতিলৈ পুনৰ ৫০ হাজাৰ টকাকৈ অতিৰিক্ত আর্থিক সাহায্য আগবঢ়াব

ৰাজ্য চৰকাৰে মাজুলীৰ প্ৰতিখন ৰাস সমিতিলৈ পুনৰ ৫০ হাজাৰ টকাকৈ অতিৰিক্ত আর্থিক সাহায্য আগবঢ়াব। মুখ্যমন্ত্রী হিমন্ত বিশ্ব শৰ্মাই কালি সামাজিক মাধ্যম এক্স যোগে এই বিষয়ে প্ৰকাশ কৰি কয় যে, প্ৰতিখন ৰাস সমিতিলৈ চৰকাৰে আগবঢ়াব খোজা ২৫ হাজাৰ টকাৰ আৰ্থিক সাহায্যৰ সৈতে এই ধনৰাশি যোগ হ'ব। মুখ্যমন্ত্ৰীয়ে লগতে কয় যে, মাজুলীৰ ৰাস উৎসৱ অসমৰ ভাবনা আৰু সাংস্কৃতিক সত্তা উদযাপনৰ মূৰ্তৰূপ। অসমৰ বৰ্ণাঢ্য ঐতিহ্য আৰু পৰম্পৰা সাৰ্থক ৰূপত তুলি ধৰাৰ বাবে চৰকাৰে আৰ্থিক সাহায্য আগবঢ়োৱাৰ বিষয়ে মুখ্যমন্ত্ৰীয়ে উল্লেখ কৰ...