August 19, 2024 12:18 PM

views 15

ৰাখী বন্ধন উপলক্ষে ৰাজ্যবাসীক ৰাজ্যপাল লক্ষ্মণপ্ৰসাদ আচাৰ্যৰ শুভেচ্ছা জ্ঞাপন

আজি ৰাখী বন্ধন। ভাতৃ-ভগ্নীৰ মাজৰ বিশেষ বন্ধনৰ এই উৎসৱ আজি ৰাজ্যজুৰি পালন কৰা হয়। ৰাজ্যপাল লক্ষ্মণপ্ৰসাদ আচাৰ্যই ৰাখী বন্ধন উপলক্ষে জনসাধাৰণৰ প্ৰতি শুভেচ্ছা জ্ঞাপন কৰিছে। এটা বাৰ্তাত ৰাজ্যপালগৰাকীয়ে কয় যে এই উৎসৱে আমাৰ জীৱনত বিশেষ গুৰুত্ব বহন কৰাৰ লগতে জনসাধাৰণক প্ৰেম, বিশ্বাস আৰু সমন্বয়ৰ এনাজৰীৰে বান্ধি ৰাখে। এই উৎসৱে ভাতৃ-ভগ্নীৰ সম্পৰ্কক অধিক শক্তিশালী আৰু সুন্দৰ কৰি তুলিব বুলি তেওঁ আশা প্ৰকাশ কৰে।