July 22, 2024 7:05 PM

views 33

অসম লোকসেৱা আয়োগৰ কৃষি উন্নয়ন বিষয়া নিযুক্তি কেলেংকাৰী গোচৰত ৩২ জন অভিযুক্তক দোষী সাব্যস্ত

অসম লোকসেৱা আয়োগৰ কৃষি উন্নয়ন বিষয়া নিযুক্তি কেলেংকাৰী গোচৰত আজি বিশেষ ন্যায়াধীশৰ আদালতে ৩২ জন অভিযুক্তক দোষী সাব্যস্ত কৰে। দীর্ঘদিন ধৰি চলা বিচাৰ প্ৰক্ৰিয়াৰ অন্তত অদালতে অয়োগৰ প্রাক্তন অধ্যক্ষ বাকেশ কুমাৰ পালৰ লগতে প্রাক্তন দুই সদস্য চামেদুৰ বহমান, বসন্ত কুমাৰ দলে আৰু ২৯ জন কৃষি উন্নয়ন বিষয়া পদত নিযুক্তি লাভ কৰা প্ৰাৰ্থীক ধনৰ বিনিময়ত চাকৰি লোৱা বিচাৰত দোষী সাব্যস্ত কৰে। দোষী সাব্যস্ত হোৱা সকলে লাভ কৰিবলগীয়া শাস্তি সমূহ আদালতে কাইলৈ শুনানি গ্রহণ কৰিব। আনহাতে তথ্য প্রমাণৰ অভাৱত ১১ জন অভিযুক্তক আদ...