August 26, 2024 8:41 PM

views 19

ৰাজ্যসভালৈ বিজেপিৰ ৰামেশ্বৰ তেলী আৰু মিছন ৰঞ্জন দাস বিনাপ্রতিদ্বন্দ্বিতাৰে নিৰ্বাচিত

বিজেপি প্ৰাৰ্থী ৰামেশ্বৰ তেলী আৰু মিছন ৰঞ্জন দাস বিনাপ্রতিদ্বন্দ্বিতাৰে ৰাজ্যসভালৈ নিৰ্বাচিত হৈছে। আজি দুয়োগৰাকীয়ে ৰিটার্নিং বিষয়াৰ পৰা জয়ী হোৱাৰ প্ৰমাণপত্ৰ গ্ৰহণ কৰে। উল্লেখযোগ্য যে ৰাজ্যসভা নিৰ্বাচনৰ মনোনয়ন প্রত্যাহাৰৰ আজি অন্তিম দিন আছিল। বিৰোধীয়ে প্ৰাৰ্থী প্ৰক্ষেপ নকৰাত বিজেপিৰ দুয়োগৰাকী প্ৰাৰ্থীক আজি বিজয়ী ঘোষণা কৰা হয় ৷