July 25, 2024 10:48 AM

views 17

ৰাজ্যসভাত ২০২৪-২৫ বৰ্ষৰ কেন্দ্ৰীয় বাজেটৰ আলোচনাত কংগ্ৰেছ, বিজেপি, অসম গণ পৰিষদ, টি এমচিৰ সাংসদৰ অংশগ্ৰহণ

ৰাজ্যসভাতো কালি  ২০২৪-২৫ বৰ্ষৰ কেন্দ্ৰীয় বাজেটক লৈ আলোচনা হয়। উচ্চ সদনত আলোচনা আৰম্ভ কৰি কংগ্ৰেছ সাংসদ পি চিদাম্বৰমে কর্মসংস্থাপনহীনতা আৰু মুদ্রাস্ফীতিৰ বিষয় উত্থাপন কৰে। তেওঁ লগতে অগ্নিপথ আঁচনি আৰু নীট পৰীক্ষা বাতিল কৰিবলৈ দাবী জনায়। আলোচনাত ভাগ লৈ বিজেপিৰ ড০ ৰাধন মোহন দাস আগৰৱালে প্রধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ নেতৃত্বত বিগত ১০ বছৰত বিভিন্ন ক্ষেত্ৰত লাভ কৰা সাফল্যত আলোকপাত কৰে। তেওঁ কয় যে, চৰকাৰে আৰম্ভ কৰা জন ধন যোজনাই দেশৰ কোটি কোটি লোকলৈ বেংকিঙ সেৱা আগবঢ়াইছে। গ্ৰামাঞ্চলৰ ১৪ কোটিৰো অধিক পৰ...