December 3, 2025 12:03 PM

views 21

৬টা জনগোষ্ঠীৰ জনজাতিকৰণৰ বিষয়টো সহমর্মিতাৰে বিবেচনা কৰিবলৈ ৰাজ্যসভাত সাংসদ বীৰেন্দ্ৰ প্ৰসাদ বৈশ্যৰ আহ্বান

অসমৰ ৬টা জনগোষ্ঠীৰ জনজাতিকৰণৰ বিষয়টো কেন্দ্ৰীয় চৰকাৰক সহমর্মিতাৰে বিবেচনা কৰিবলৈ কালি ৰাজ্যসভাত সাংসদ বীৰেন্দ্ৰ প্ৰসাদ বৈশ্যই আহ্বান জনায়। শ্রীবৈশ্যই কয় যে এই ছটা জনগোষ্ঠী অসমৰ খিলঞ্জীয়া ভূমিপুত্ৰ আৰু সেয়েহে জনজাতিকৰণৰ সকলো যোগ্যতা তেওঁলোকৰ আছে। বিৰোধী দল কংগ্ৰেছে সাংসদজনৰ এই বক্তব্যৰো তীব্ৰ বিৰোধিতা কৰি প্ৰতিবাদ সাব্যস্ত কৰে। উল্লেখযোগ্য যে ৰাজ্যৰ ছটা জনগোষ্ঠীক জনজাতিকৰণৰ বাবে গঠিত মন্ত্রীগোটে বিধানসভাত দাখিল কৰা প্ৰতিবেদন সন্দৰ্ভত কাইলৈ অসমৰ জনজাতীয় সংগঠনসমূহৰ সমন্বয়ৰক্ষী সমিতিৰ সৈতে আ...

October 30, 2025 12:54 PM

views 22

আন্তঃৰাষ্ট্ৰীয় বাণিজ্য পৰিক্ৰমা সম্পৰ্কীয় ইউৰোপীয় সংসদৰ কমিটীৰ এটা প্রতিনিধি দলক সাক্ষাৎ ৰাজ্যসভাৰ উপাধ্যক্ষৰ

ৰাজ্যসভাৰ উপাধ্যক্ষ হৰিবংশে কালি নতুন দিল্লীৰ সংসদ ভৱনত আন্তঃৰাষ্ট্ৰীয় বাণিজ্য পৰিক্ৰমা সম্পৰ্কীয় ইউৰোপীয় সংসদৰ কমিটীৰ এটা প্রতিনিধি দলক সাক্ষাৎ কৰে। বৈঠকত দুয়োপক্ষই ভাৰত আৰু ইউৰোপীয় সংঘৰ মাজৰ মুক্ত বাণিজ্য চুক্তি অতি সোনকালে স্বাক্ষৰিত হ'ব বুলি আশা প্রকাশ কৰে। বৈঠকত ৰাজ্যসভাৰ উপাধ্যক্ষগৰাকীয়ে পেহেলগামত সংঘটিত সন্ত্রাসবাদীৰ নৃশংস হত্যাকাণ্ডৰ পাছত জুনত ব্রাচেলছলৈ সংসদৰ সৰ্বদলীয় প্রতিনিধি দলৰ ভ্ৰমণৰ কথা সুঁৱৰে। উভয় পক্ষৰ মাজত চলি থকা নিয়মীয়া সংসদীয় বিনিময়ে ভাৰত আৰু ইউৰোপীয় সংঘৰ সহযোগিতা ত্বৰান্বিত...

August 21, 2025 5:01 PM

views 18

লোকসভাৰ কাৰ্যক্ৰমণিকা অনিৰ্দিষ্ট কাললৈ স্থগিত

লোকসভাৰ কাৰ্যক্ৰমণিকা অনির্দিষ্ট কাললৈ স্থগিত ৰখা হৈছে। কাম-কাজ প্ৰথমবাৰৰ বাবে স্থগিত ৰখাৰ পাছত দুপৰীয়া ১২ বজাত নিম্ন সদন পুনৰ মিলিত হোৱাৰ সময়ত অধ্যক্ষ ওম বিৰলাই কয়, যে যোৱা ২১ জুলাইৰ পৰা আৰম্ভ হোৱা সংসদৰ বৰ্ষাকালীন অধিৱেশনত ১৪ খন চৰকাৰী বিধেয়ক সদনত উত্থাপন কৰা হয় আৰু মুঠ ১২ খন বিধেয়ক গৃহীত হয়। তেওঁ কয়, যে অধিৱেশনৰ সময়ছোৱাত অপাৰেচন সিন্দূৰ সন্দৰ্ভত দুদিনীয়া বিশেষ আলোচনা অনুষ্ঠিত হয়। প্রধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ উত্তৰেৰে এই আলোচনাৰ সামৰণি পৰে। লোকসভাত ভাৰতৰ মহাকাশ কাৰ্যসূচীৰ সাফল্য সম্...

August 18, 2025 4:23 PM

views 22

হুলস্থূলীয়া পৰিস্থিতিৰ বাবে উভয় সদনৰ কার্যক্রমণিকা দিনৰ ২ বজালৈ স্থগিত

● বিৰোধী পক্ষৰ সদস্যসকলে কেইবাটাও বিষয় লৈ সৃষ্টি কৰা হুলস্থূলীয়া পৰিস্থিতিৰ পৰিপ্ৰেক্ষিতত সংসদৰ দুয়োখন সদন আজি দিনৰ দুই বজালৈ স্থগিত ৰখা হৈছে। দিনৰ ১১ বজাত ৰাজ্যসভাৰ অধিৱেশন আৰম্ভ হোৱাৰ পাছতে উচ্চ সদনে যোৱা ১৫ আগষ্টত দেহাৱসান ঘটা নাগালেণ্ডৰ ৰাজ্যপাল, ৰাজ্যসভাৰ প্ৰাক্তন সাংসদ লা গণেশনৰ স্মৃতিত শ্ৰদ্ধাৰ্ঘ্য নিবেদন কৰে। উপ-সভাপতি হৰিবংশে ২০১৬ চনৰ অক্টোবৰৰ পৰা ২০১৮ চনৰ এপ্ৰিললৈ মধ্য প্ৰদেশৰ পৰা উচ্চ সদনক প্ৰতিনিধিত্ব কৰা লা গণেশনৰ বিয়োগত গভীৰ শোক প্ৰকাশ কৰে। উপ-সভাপতিগৰাকীয়ে কয়, যে এগৰাকী জন স...

August 4, 2025 8:20 PM

views 31

সংসদৰ উভয় সদনৰ কাৰ্যক্ৰমণিকা আজি দিনটোৰ বাবে স্থগিত

সংসদৰ উভয় সদন আজি দিনটোৰ বাবে স্থগিত ৰখা হয়। আজি পুৱা নতুন দিল্লীত দেহাৱসান ঘটা ঝাৰখণ্ড মুক্তি মৰ্চাৰ জ্যেষ্ঠ নেতা তথা সাংসদ শিবু চোৰেণৰ প্ৰতি শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰাৰ পাছত ৰাজ্যসভাৰ কাম-কাজ স্থগিত ৰখা হয়। ইপিনে, বিৰোধী সাংসদসকলে বিহাৰত ভোটাৰ তালিকাৰ বিশেষ সংশোধন উঠাই লোৱাকে ধৰি অন্যান্য বিষয় লৈ হুলস্থুলীয়া পৰিবেশ অব্যাহত ৰখাৰ পৰিপ্ৰেক্ষিতত লোকসভাও স্থগিত ৰখা হয়। প্ৰথমবাৰ স্থগিত ৰখাৰ পাছত দিনৰ ২ বজাত লোকসভা পুনৰ মিলিত হোৱাৰ সময়ত বিৰোধী সাংসদসকলে বিহাৰত ভোটাৰ তালিকাৰ বিশেষ সংশোধন সম্পর্কে ...

July 28, 2025 8:13 PM

views 24

বিভিন্ন বিষয় লৈ বিৰোধীয়ে সৃষ্টি কৰা হুলস্থূলীয়া পৰিস্থিতিৰ পৰিপ্ৰেক্ষিতত ৰাজ্যসভাৰ কাম-কাজ দিনটোৰ বাবে স্থগিত

বিভিন্ন বিষয় লৈ বিৰোধীয়ে সৃষ্টি কৰা হুলস্থূলীয়া পৰিস্থিতিৰ পৰিপ্ৰেক্ষিতত আজি ৰাজ্যসভাৰ কাম-কাজ দিনটোৰ বাবে স্থগিত ৰাখিবলগীয়া হয়। পূৰ্বে ৰাজ্যসভাৰ কাম-কাজ দ্বিতীয়বাৰৰ বাবে স্থগিত ৰখাৰ পাছত দিনৰ ২ বজাত সদন পুনৰ মিলিত হোৱাৰ সময়ত প্রিজাইডিং বিষয়া ভুবনেশ্বৰ কলিতাই সমুদ্র পথেৰে সামগ্ৰী পৰিবহণ বিধেয়ক-২০২৫ বিবেচনা আৰু গৃহীত কৰাৰ বাবে উত্থাপনৰ প্ৰয়াস কৰে আৰু উত্থাপন কৰে যদিও বিৰোধীসকলে তেওঁলোকৰ প্ৰতিবাদ অব্যাহত ৰাখে। এনে হুলস্থূলীয়া পৰিস্থিতিৰ পৰিপ্ৰেক্ষিতত সভাপতিয়ে সদনৰ কাম-কাজ দিনটোৰ বাবে স...

July 23, 2025 3:56 PM

views 21

হুলস্থূলীয়া পৰিস্থিতিৰ বাবে লোকসভা আৰু ৰাজ্যসভাৰ কাৰ্যক্ৰমণিকা দিনৰ ২ বজালৈ স্থগিত

■ বিৰোধী পক্ষৰ সাংসদসকলে বিভিন্ন বিষয়ক লৈ সৃষ্টি কৰা হুলস্থূলীয়া পৰিস্থিতিৰ বাবে আজি লোকসভা আৰু ৰাজ্যসভাৰ কাৰ্যক্ৰমণিকা দিনৰ ২ বজালৈ স্থগিত ৰাখিবলগীয়া হয়। কার্যক্রমণিকা প্ৰথমবাৰ স্থগিত ৰখাৰ পাছত দুপৰীয়া ১২ বজাত নিম্ন সদন পুনৰ মিলিত হোৱাৰ সময়ত বিৰোধীপক্ষৰ সাংসদসকলে বিহাৰত ভোটাৰ তালিকাত বিশেষ সংশোধন আৰু বিভিন্ন বিষয় লৈ আলোচনাৰ বাবে দাবী জনাই ধবনি দিবলৈ আৰম্ভ কৰে আৰু বিশেষ সংশোধনৰ প্ৰক্ৰিয়া প্ৰত্যাহাৰ কৰিবলৈ দাবী জনায়। এনে হুলস্থুলীয়া পৰিস্থিতিৰ মাজতে যুৱ পৰিক্ৰমা আৰু ক্ৰীড়া মন্ত্ৰী মনসু...

June 2, 2025 7:48 PM

views 20

অসমৰ দুখন ৰাজ্যসভা আসনৰ বাবে হ’বলগীয়া নিৰ্বাচনৰ বাবে আজি আনুষ্ঠানিক জাননী জাৰি

অসমৰ দুখন ৰাজ্যসভা আসনৰ বাবে হবলগীয়া নিৰ্বাচনৰ বাবে আজি আনুষ্ঠানিক জাননী জাৰি কৰা হৈছে। এই আসন দুখনৰ বাবে অহা ১৯ জুনত নিৰ্বাচন অনুষ্ঠিত হব। ৰাজ্যসভাৰ সাংসদ বীৰেন্দ্ৰ প্ৰসাদ বৈশ্য আৰু মিছন ৰঞ্জন দাসৰ ৬ বছৰীয়া কাৰ্যকালৰ ম্যাদ অহা ১৪ জুনত অন্ত পৰিব। ১৯ জুনত হবলগীয়া ৰাজ্যসভাৰ নিৰ্বাচনত অসমৰ দুখন আসনৰ লগতে তামিলনাডুৰ ছখন আসনৰ বাবেও নির্বাচন অনুষ্ঠিত হব।

December 19, 2024 8:39 PM

views 25

বাংলাদেশৰ হিন্দু আৰু আন সংখ্যালঘূৰ বাসগৃহ আদিকে ধৰি বিভিন্ন ধর্মীয় স্থানৰ হিংসাত্মক ঘটনাৰ গুৰুত্বপূৰ্ণ তথ্য ভাৰত চৰকাৰে লাভ কৰিছে

বাংলাদেশৰ হিন্দু আৰু আন সংখ্যালঘূ লোকৰ বাসগৃহ, ব্যৱসায়িক প্রতিষ্ঠান, মন্দিৰ আদিকে ধৰি বিভিন্ন ধর্মীয় স্থানত চলোৱা হিংসাত্মক ঘটনাৰ ভালেমান গুৰুত্বপূৰ্ণ তথ্য ভাৰত চৰকাৰে লাভ কৰিছে। ৰাজ্যসভাত এটা প্ৰশ্নৰ লিখিত উত্তৰত বৈদেশিক পৰিক্ৰমা দপ্তৰৰ ৰাজ্য মন্ত্রী কীৰ্তি বর্ধন সিঙে জানিবলৈ দিয়ে যে চৰকাৰে এই ঘটনাক গভীৰভাৱে লৈছে আৰু ভাৰতৰ এই উদ্বিগ্নতাৰ কথা বাংলাদেশক চৰকাৰীভাৱে জনোৱা হৈছে। শ্রী সিঙে কয়, যে বাংলাদেশ চৰকাৰৰ তথ্য অনুসৰি দেশখনত সংখ্যালঘু লোক আৰু তেওঁলোকৰ সম্পত্তিৰ ওপৰত চলোৱা আক্ৰমণৰ ঘটনা সন্দৰ...

December 11, 2024 1:28 PM

views 30

শাসকীয় আৰু বিৰোধী পক্ষৰ মাজত হোৱা তুমুল বাক-বিতণ্ডাৰ বাবে ৰাজ্যসভাৰ কাৰ্যক্ৰমণিকা দুপৰীয়া ১২ বজালৈ স্থগিত

শাসকীয় আৰু বিৰোধী পক্ষৰ মাজত হোৱা তুমুল বাক-বিতণ্ডাৰ বাবে ৰাজ্যসভাৰ কাৰ্যক্ৰমণিকা দুপৰীয়া ১২ বজালৈ স্থগিত ৰখা হৈছে। পুৱাৰ ভাগত উচ্চ সদন মিলিত হোৱাৰ সময়ত সভাপতি জগদীপ ধনখড়ে বিভিন্ন বিষয় লৈ বিৰোধী পক্ষৰ সাংসদসকলে দাখিল কৰা সভাস্থগিতকৰণৰ জাননী প্রত্যাখ্যান কৰে। ইয়াৰ পাছতে সংসদীয় পৰিক্ৰমা মন্ত্ৰী কিৰেণ ৰিজিজুৱে ৰাজ্যসভাৰ সভাপতিৰ বিৰুদ্ধে দাখিল কৰা অনাস্থা প্ৰস্তাৱৰ জাননীৰ বাবে বিৰোধী পক্ষক তীব্ৰ গৰিহণা দিয়ে। তেওঁ কয়, যে কংগ্ৰেছে ইয়াৰ বাবে ক্ষমা খোজা উচিত আৰু চৰকাৰে সভাপতিৰ ভাৱমূৰ্তি ম্লান ...